ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউলৰ বস্তাত ওলাল আচৰিতজনক চাউল; চাউল দেখি অবাক হ’ল শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক !!

rongilibarta

ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউলৰ বস্তাত ওলাল আচৰিতজনক চাউল; চাউল দেখি অবাক হ’ল শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক !!

ওদাৰগুৰি, অমৰজিৎ ৰাভা, বাৰ্ত্তাসেৱা – ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কুঁৱৰী পুখুৰী প্ৰাথমিক বিদ্যালয়ত। যোগান বিভাগে ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত যোগান ধৰা চাউলৰ বস্তাত ওলাল আচৰিত ধৰণৰ অদ্ভূত চাউল। কোনো দিনে দেখি নোপোৱা মুড়ি সদৃশ অদ্ভূত চাউল দেখি ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰী হতভম্ব হৈ পৰে। কাহানিও নেদেখা আৰু নুশুনা চাউল দেখি অভিভাৱক সকলে কুকাৰত সিদ্ধ কৰি চোৱাত দেখে যে চাউল সিদ্ধ হোৱাৰ পৰিৱৰ্তে পানীত উপঙি থকা দেখি প্ৰধান শিক্ষক গৰাকীয়ে শিলপোতা সমবায় সমিতিৰ সম্পাদকক প্ৰশ্ন সুধাত স্পষ্টকৈ সম্পাদক গৰাকীয়ে এইবিধ চাউল ভিটামিন যুক্ত বুলি কোৱাৰ কথা জানিব দিয়ে । উল্লেখ্য যে অসম চৰকাৰৰ যোগান মন্ত্ৰীয়ে যোগান ধৰা এই মুড়ী সদৃশ, পানিত উপঙা সিদ্ধ নোহোৱা চাউল বিধ যদি প্ৰকৃততে ভিটামিন যুক্ত চাউল হয় তেনেহলে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিব লাগিছিল আৰু তাৰ পিছত যোগান ধৰিব লাগিছিল বুলি প্ৰধান শিক্ষক গৰাকীয়ে যোগান বিভাগলৈ ক্ষুৰধাৰ সমালোচনা কৰে। কিন্তু প্ৰকৃততে যোগান বিভাগে যোগান ধৰা মুৰি সাদৃশ চাউল ভিটামিন যুক্ত হয় নে ইয়াৰ আৰত কি ষড়যন্ত্ৰ জড়িত হৈ আছে পৰৱৰ্তি পৰ্যায়ত হে লক্ষ্ণীয় হ’ব।