ছয়গাঁৱৰ পানেৰীত ফলমূল সংসাধন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ছয়গাঁৱৰ পানেৰীত ফলমূল সংসাধন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ছয়গাঁৱৰ পানেৰীত এটা ফলমূল সংসাধন কেন্দ্ৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ ছয়গাঁৱৰ পানেৰী চাতাবাৰীস্থিত খাদ্য সংসাধন পাৰ্কত অৱস্থিত ২.৮৯ কোটি টকা অনুমোদিত প্ৰকল্প ব্যয়ৰ এই সংসাধন গোটলৈ ৫০ শতাংশ ৰাজসাহায্য আগবঢ়োৱা হৈছে। এই প্ৰকল্প স্থাপনৰ বাবে আগবাঢ়ি অহাৰ বাবে ভোগালী জলপানৰ স্বত্বাধিকাৰী অজিত শৰ্মা বৰুৱা আৰু অঞ্জলি শৰ্মা বৰুৱাক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনাই তেওঁলোকৰ পদক্ষেপৰ শলাগ লয়। ৰাজসাহায্যপ্রাপ্ত থলুৱা ফলমূল সংৰক্ষণৰ দিশত ৰাজ্যৰ প্ৰথম উদ্যোগ হিচাপে পৰিগণিত হোৱা এই উদ্যোগটোৱে কৃষক উৎপাদক সংস্থাৰ দ্বাৰা উৎপাদিত ফলমূল সংসাধনত গুৰুত্ব প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। এই অনুষ্ঠানটোত কেবিনেট মন্ত্ৰীদ্বয় চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, সাংসদ কুইন ওজা, বিধায়ক হেমাংগ ঠাকুৰীয়া, অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা, জিলা উপায়ুক্ত কীৰ্তি জল্লী উপস্থিত আছিল ৷