ছবি চাই ভালপোৱা মানুহ – জ্যোতি খাটনিয়াৰ

PC- istockphoto-1190200652

১. ছবি চাই ভালপোৱা মানুহ
২. পৰিক্ৰমা

জ্যোতি খাটনিয়াৰ

ভাবি ভাল লাগে যে লিখিবলৈ বা পঢ়িবলৈ আৰম্ভ কৰাৰ আগেয়ে মানুহে ছবি আঁকিবলৈ শিকিছিল। অৰ্থাৎ, ছবি আছিল মানুহৰ আত্মাৰ একেবাৰে আদিমতম প্ৰকাশ। প্ৰশ্ন হয়: এই ছবিবোৰ মানুহে ক’ত আৰু কিয় আঁকিছিল? দিনটো চিকাৰ কৰি ঘূৰি অহাৰ পাছত , গুহাৰ বাহিৰত জুই ধৰি মানুহে সেই চিকাৰ জুইত পুৰি খোৱাৰ প্ৰস্তুতি চলাইছিল। নিশ্চয় চিকাৰ বিচাৰি সেই মানুহখিনি দল বান্ধি গৈছিল। ইতিহাসবিদ গৰ্ডন চাইল্ডৰ মতে সেই সময়ত কোনো অঞ্চলত ষাঠীজনৰ অধিক মানুহ নাছিল। বনৰীয়া জন্তুক চিকাৰ কৰা সহজ নাছিল। ঘূৰি আহোঁতে মানুহখিনি ভাগৰুৱা হৈছিল। গুহাৰ বাহিৰত জুই ধৰি মানুহে খাদ্যবস্তু সেকিছিল। এই কামটোত মানুহৰ সময় লাগিছিল। তাৰ মাজতে কোনোবা মানুহৰ মনত দিনটো পাৰ হৈ যোৱা কথাবোৰে বাৰে বাৰে ভুমুকি মাৰি থাকিছিল। সেইবাবে গুহাৰ ভিতৰলৈ গৈ তেওঁলোকে গুহাৰ দেৱালত ছবি আঁকি ৰাখিছিল। এই ছবিবোৰত জীৱ জন্তুৰ উপস্থিতিয়ে আছিল সৰ্বাধিক। ক’ৰবাত এই জীৱ জন্তু দৌৰ মাৰিছিল । কৰবাত দেখা গৈছিল অকল মানুহৰ হাতৰ চাপ। আপোনাৰ -মোৰ , তুমি -তেওঁৰ সেই বহু পুৰণি দেউতাক মাকবোৰে মনত কি ভাবিছিল, এই গুহা চিত্ৰবোৰে আমাক আজি সোঁৱৰাই দিছে। ই আমাক জনাই গৈছে মানুহৰ সৃষ্টিশীলতাৰ আদিম পুৱাৰ খবৰ। ই আমাক জনাই গৈছে মানুহৰ আধ্যাত্মিক প্ৰয়োজনীয়তাৰ প্ৰাচীন বতৰা। ই আমাক জনাই গৈছে সভ্যতাৰ ফেহুঁজালিত বিচৰণ কৰা সেই মানুহখিনিৰ আবেগ অনুভূতিৰ খবৰ। ইণ্ডোনেছিয়াৰ দক্ষিণ অঞ্চলৰ চুলাৱেচি দ্বীপৰ গুহাত , আজিৰ পৰা ৪৫ হেজাৰ বছৰৰো আগৰ এটা গাহৰিৰ ছবি পোৱা গৈছিল। কোৱা হৈছে ই আমাৰ পূৰ্বপুৰুষসকলৰ শিল্পী সুলভ মনটোৰ আদিমতম পৰিচয়। অৱশ্যে আন এটা তথ্যই দেখুৱাইছে যে ৬৪ হেজাৰ বছৰৰো আগেয়ে হয়তো মানুহে আঁকিছিল। এই মানুহখিনি আছিল অতি পুৰণা। স্পেইনৰ প্ৰাচীন গুহাত পোৱা এই ছবি আঁকিছিল নিয়েণ্ডাৰথেল মানৱে। সেই সময়ত ইউৰোপত আধুনিক মানুহ উপস্থিত হোৱাই নাছিল। মানুহৰ মনৰ এই ছবি অঁকাৰ পৰিক্ৰমা আজিলৈকে চলি আছে। ছাহাৰাৰ দৰে মৰুভূমিৰ গুহাতো ( Cape of Beast, Libyan Desert) মৰমলগা জীৱ জন্ত আৰু তাৰ মাজে মাজে আমাৰ পূৰ্বপুৰুষ সকলৰ ছবি সিঁচৰতি হৈ আছে। কেইবাটাও কথা এই গুহা চিত্ৰবোৰে আমাক জনাই থৈ গৈছে। প্ৰথম কথা, ছবি আমাৰ অস্তিত্বৰ এক মৌলিক দিশ। বহুতৰ মতে গুহাৰ বাহিৰত জুই ধৰি মানুহে গল্প গুজব কৰি থকাৰ সময়ত একাংশ মহিলাই হাতত জোৰ লৈ গুহাৰ ভিতৰৰ এই ছবিবোৰ আঁকিছিল। কিছুমান ক্ষেত্ৰত এই ছবিবোৰ আছিল মানুহে ঢুকি পোৱাৰ পৰা বহু ওখ দেৱালত অঁকা। অৰ্থাৎ, মানুহে এই ছবিবোৰ আঁকিবলৈ কিহবাত উঠি থিয় হ’ব লগীয়া হৈছিল বা বগুৱা বাই যাব লগীয়া হৈছিল। জেকব ব্ৰনাউস্কি( Jacob Bronowski)য়ে তেওঁৰ বিখ্যাত The Ascent of Man গ্ৰন্থত ( যিখন বিবিচিৰ দ্বাৰা ছিৰিয়েল ৰূপে প্ৰচাৰিতও হৈছিল) কৈছে যে এই গুহা চিত্ৰবোৰত আমি মানৱ মনৰ এক বিশেষ শক্তিক প্ৰথমবাৰলৈ দেখা পাওঁ। এই শক্তি হ’ল : The Power of Anticipation: The Forward- Looking Imagination. In these paintings, the hunter was made familiar with dangers which he knew he had to face but to which he had not yet come. বহুতৰ মতে এই ছবিবোৰ আকৌ সেই মানুহখিনিৰ মাজত থকা কিশোৰবোৰে আঁকিছিল।

ভাবি ভাল লাগে যে তাহানিৰ সেই আদিম মানুহৰ মনৰ প্ৰকাশিকা শক্তি একবিংশ শতিকাৰ আজিৰ দিনটোৰ লৈকে সমানে প্ৰবাহিত হৈ আছে। আপুনি -মই ব্যৱহাৰ কৰা দৈনন্দিন জীৱনৰ প্ৰতিটো বস্তু, যেনে টুথপেষ্ট, চাবোন ৰ টুকুৰা, দাঁত মজা ব্ৰাছডাল, ল’ৰা-ছোৱালীৰ বাবে কিনি অহা বহী, আপুনি অটোমটোকাৰীকে সজা ঘৰখন, আপোনাৰ কৰ্মস্থলী, আপোনাৰ উপাৰ্জনৰ বাবে পাতি লোৱা দোকানখন, বিভিন্ন ধৰ্মীয় উৎসৱ , পূজা – পাতল, নামাজ, ঈদ, খ্ৰীষ্টমাছ, নতুন বছৰত পিন্ধা কাপোৰ কানি, আমাৰ গামোচা, চোতালত ৰোৱা তুলসীডাল, আমি থকা ঘৰটোত দিয়া ৰঙ —- সেই হাজাৰ হাজাৰ পুৰণি মানুহৰ মনটোৰ শিল্প সম্পৰ্কীয় কল্পনাৰ সৈতে জড়িত। এই সকলোবোৰৰ উৎস (origin) মানুহৰ শিল্পকেন্দ্ৰিক মনটোৰ সৈতে বিচাৰি পাব পাৰি। এই প্ৰাচীন মনটো ইমানেই শক্তিশালী আছিল যে সৌ সিদিনাৰ কুৰি শতিকাৰ সবাতোকৈ অধিক জনাজাত শিল্পী পাব্লো পিকাচোৱে আধুনিক পৃথিৱীৰ বাবে প্ৰয়োজনীয় বাকধাৰাক ইয়াৰ মাজতে বিচাৰি পাইছিল।

আমি চৌদিশে দেখা পোৱা আধুনিক শিল্পৰ আঁৰত তিনিজন মানুহৰ শিল্প চেতনা বিশেষভাৱে জড়িত হৈ আছে। এই তিনিজনা হ’ল পল চেজান, ভেন গঘ আৰু এডভাৰ্ড মুন্খ। তেওঁলোক প্ৰত্যেকেই আমাৰ উৎকণ্ঠা, হতাশা, আমাৰ আবেগৰ তীব্ৰতা, আমাৰ মনৰ ভিতৰৰ নিজান চেঁচা বাটেদি আগুৱাই গ’লে পোৱা অভিজ্ঞতাবোৰ সযতনে ধৰি ৰাখিছে। তেওঁলোকৰ কেনভাছবোৰ আমাৰ জীৱনত ঘটিত সৰু সৰু ঘটনাৰ অৰ্থবহ চানেকি।

এই এদিন আগেয়ে পাৰ হৈ যোৱা বছৰটো বা তাৰ আস- পাসৰ সময়খিনিত বহু অসমীয়া শিল্পীয়ে আমাৰ জীৱন আৰু জগতৰ কৌতুহলেৰে ভৰা মনটোৰ বতৰা বিভিন্ন ধৰণেৰে সংৰক্ষিত কৰি ৰাখিছে। শিল্প চেতনা লৈ অহা পৰিবৰ্তন আৰু পৰিবেশৰ সৈতে আমাক সম্পৰ্কক চন্দন বেজবৰুৱাই তেওঁৰ Somewhere in the Northeast নামৰ উড কাট মাধ্যমৰ ৯ ফুট দৈৰ্ঘ্যৰ আৰু ৪ ফুট প্ৰস্থৰ শিল্পকৰ্মটোত ফুটাই তুলিছে। বিমূৰ্তকৰণৰ মাজেৰে নগৈ ইয়াত প্ৰকৃতিক উপস্থাপন কৰা হৈছে মানুহৰ হস্তক্ষেপে প্ৰকৃতিলৈ অনা নতুন সংযুতি বা ৰূপান্তৰ মাধ্যমেৰে। আনহাতে প্ৰকৃতি যদি মানুহৰ আকাংক্ষাৰ বহিঃ ৰূপৰ দ্বাৰা প্ৰভাৱিত হৈছে তেনেহলে মানুহৰ অন্তঃ জগতত থকা কথা বতৰাবোৰ আহিছে আন কেইগৰাকীমান শিল্পীৰ কামৰ পৰা। তেনে তিনিগৰাকী শিল্পী হ’ল অতুল চন্দ্ৰ বৰুৱা ,অনুপ কুমাৰ শৰ্মা আৰু মনিকা দেৱী।

অনুপ কুমাৰ শৰ্মাৰ Echoes of the Unseen, ‘ নেদেখাৰ ‍ প্ৰতিধ্বনি ছবি’ শীৰ্ষক ছবিত আমি দেখা পাওঁ জীৱন আৰু যুগটোৰ চাপ ( pressure) বা ওজন (weight) ত হেঁচা খোৱা এজন মানুহ। ঠিক যেন সাহিত্যিক মিলান কুণ্ডেৰাই ক’বৰ দৰে The Unbearable Lightness of Being: অস্তিত্বৰ অসহনীয় লঘিমা। কিন্তু ইয়াত মানৱ আত্মা সন্মুখীন হৈছে বহুবোৰ মুখৰ সৈতে। এই মুখবোৰ ওপৰে তলে, আশে পাশে তেওঁৰ চাৰিওফালে ভিৰ কৰিছে। কিন্তু মানুহজন বিচলিত হোৱা নাই। তেওঁ ইয়াক সমীক্ষাত্মক দৃষ্টিৰে চাইছে। সেইবাবে তেওঁৰ অবয়ব (figure)ৰঙা ৰঙৰ।

অতুল চন্দ্ৰ বৰুৱাৰ Divergence ( বহুমুখী) শিল্পকৰ্মত যেন কোলাহলৰ বহু মুখ। ইয়াৰ পৰাই উঠি আহিছে অস্তিত্ব। দীঘলীয়া তেওঁৰ অস্তিত্ব। ইয়াত সময় বৈ পৰা। জীৱন আৰু জগতৰ সৈতে তেওঁৰ সম্পৰ্ক (relation) আৰু পাৰ্থক্য ( difference) দুয়োটা আমি দেখিবলৈ পাইছোঁ । মণিকা দেৱীৰ amalgamation প্ৰকৃতিৰ মাজত থিয় হোৱা মানুহৰ আকাংক্ষা তুলি ধৰিব খুজিছে। বৰষূণ পৰিছে পাহাৰ আৰু কাষতেই জলৰাশি। তাত আকৌ মাছৰ জাক।পাঁচ ডাল জখলাৰে মানুহ যেন থিয় হব খোজে । তৎক্ষণাৎ আমাৰ মনলৈ আহে আমাৰ এই শৰীৰ পঞ্চভূতৰ। এদিন এই শৰীৰ উভতি যাব কাষৰেই প্ৰবাহমান জলৰাশিলৈ। অব্যাহত থাকিব গতি। এই গতি মানুহৰ শিল্প মনৰ এক শক্তিশালী অৱদান। স্পেইনৰ ৪০,০০০ হাজাৰ পুৰণি গুহা শিল্পৰ পৰা শিল্পী নিখিলেশ বৰুৱাৰ ” Where to” ( 5 ফুট – 3 ফুট; এক্ৰিলিক মাধ্যম) শীৰ্ষক কেনভাচত আমি দেখা পাওঁ ১৫ টা চৰাইৰ নিৰন্তৰ যাত্ৰাত। ইয়াত জীৱ জগত ৰৈ থকা নাই। এই প্ৰকৃতি মানুহৰ অন্তঃজগতৰ দাপোন ( mirror)। বাস্তৱ (real) আৰু অপাৰ্থিব ( virtual ) জগতৰ খবৰো নিখিলেশ বৰুৱাৰ এই কেনভাছে দিছে। ক’ৰবাত মানুহ সফল , কৰাত বিফল। ভাৰতীয় দৰ্শন মায়া আৰু লীলাৰ মাজেৰেই এই ছবিখনে তুলি ধৰা জগতখনত ভুমুকিয়াব পাৰি। ই যেন মানুহৰ আধ্যাত্মিক চেতনাৰো এক প্ৰকাশ। আধুনিক মানুহে বিকাশৰ এই পৰ্যায়ত উপনীত হওঁতে নানা যন্ত্ৰণা আৰু শোষণৰ মাজেৰে আহিব লগীয়াত পৰিছিল। শিৱ প্ৰসাদ মাৰাৰৰ The Soul আৰু The Cup নামৰ দুয়োখন ছবিত আমি জীৱনৰ আন কিছু দিশ দেখিবলৈ পাও। এজন পৰি ৰোৱা শুভ্ৰ মানুহ। তেওঁৰ ওপৰত তেজৰ এক বিশাল আকৃতি। কাষত বহি ৰোৱা আন এছাম মানুহ ; জীৱন্ত কিন্তু শোকাকুল আৰু দুঃখিত।এখন চিত্ৰত আমাৰ সকলোৰে পৰিচিত চাহৰ কাপটো। সি মানুহৰ ৰূপ লৈছে। বুকুত চাহ গছ। ইয়াৰ কাষত নৃত্যৰত একাংশ লোক। এফালে চাহ শ্ৰমিকৰ শোষণ, আনফালে সংগীতময় জীৱন। আধুনিক সমাজত সমকালীন বৈষম্যৰ যি ভয়াবহতা আৰু আৰ্থিত হেঁচাত মানুহ কিদৰে ভাঙি পৰে, তাৰ এক অৰ্থবহ ৰূপায়ন আমি পাও কিশোৰ কুমাৰ দাসৰ EMI শীৰ্ষক ছবি। এই ছবিখনত মানুহজন ভাৰাক্ৰান্ত হৈছে। তাৰ মাজেৰে মানুহে যেন আগুৱাই যোৱাৰ প্ৰয়াস কৰিছে। এই শোষণ অসহনীয়; কিন্তু তাত পৰিবৰ্তনৰ সম্ভাবনাও ধৰি ৰখা হৈছে। মানুহজনে কঢ়িয়াই থকা শিলটো ছাই বৰণীয়া ; কিন্তু প্ৰেক্ষাপট ৰঙা উজ্জ্বল ৰঙৰ।

আধুনিক মানুহ চহৰৰ বাসিন্দা। আনকি গ্ৰাম্য অঞ্চলতো চহৰৰ প্ৰভাৱ পৰিছে। এই চহৰে আমাক নিৰন্তৰ পৰিবৰ্তনৰ সৈতে সন্মুখীন কৰাই থাকে। দ্ৰুত গতি আৰু আবদ্ধতাই চহৰক এক বিশেষ পৰিচয়। এই চহৰত মানুহৰ উপস্থিতি অসংখ্য কোলাহলৰ মাজত। এই চহৰ উজ্জ্বল আৰু প্ৰাণৱন্ত; কিন্তু মানুহৰ আত্মাৰ সংগী নহয়। প্ৰবীণ কুমাৰ নাথৰ City I আৰু City II কেনভাছে আমাক এনে খবৰেই দি যায়।

বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহৰ জীৱনলৈ কঢ়িয়াই অনা পৰিবৰ্তনৰ দৃঢ় খবৰ আছে আমিনুল হকৰ Broken Bridge নামৰ ছবিত। ইয়াৰ বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহৰ অস্তিত্বক ঠেলি হেচি এক অনিশ্চয়তাৰ মাজলৈ লৈ গৈছে। আনহাতে নীলিমা ঠাকুৰীয়া হকৰ Fragrance of the Fractions নামৰ ছবিত স্মৃতি আৰু তাৰ দুখৰিয়া যাত্ৰাৰ খবৰ আছে। ঠিক যেন তেওঁৰ কবিতাৰ দৰে: ” খলকনি খলকনি, উঠি নাহে সোঁৱৰণী।” কণমানি চৰাইটোৰ উপস্থিতিয়ে সহাঁৰি আৰু আশাৰ এক অন্তৰ্নিহিত বাৰ্তাক ধৰি ৰাখিছে। আধুনিকতা যদিহে জটিল, ই জীৱনৰ উজ্জ্বল আৰু চঞ্চল ছবিৰ এক স্পষ্ট আভাস।

খনিন দাসৰ এক্ৰিলিক মাধ্যমত অঁকা ছবি ‘ Resonance of Solution’ ত আমি দেখা পাও জীৱনে গতি লোৱা আৰু তাৰ প্ৰসাৰিত ৰূপক। ঠিক যেন ফৰাচী শিল্পী অঁৰি মাতিছৰ দৰে। জীৱন প্ৰত্যাহ্বানেৰে পূৰ্ণ । মানুহ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব খোজে। সেয়েহে ইয়াৰ সৈতে জড়িত প্ৰতিজন মানুহেই উজ্জ্বল আৰু সমৃদ্ধ হৈ থাকিব খোজা মানুহ।

অসমীয়া শিল্পীৰ কেনভাচে যদি জীৱনৰ ৰং আৰু ছন্দক তুলি ধৰিছে, তেনেহলে ত্ৰিদিব দত্ত, ত্ৰিদিব শৰ্মা, ৰাতুল চন্দ্ৰ গগৈ, মনোজ শৰ্মাৰ শিল্পকৰ্মত আমি ত্ৰিবিমীয় স্থানত মানুহৰ অস্তিত্বৰ খবৰ পাইছোঁ। যোৰহাটৰ শিল্পী ত্ৰিদিব দত্তই তেওঁৰ শিল্প কৰ্মত বাৰ্বাৰা হেপৱর্থ বা হেনৰী মূৰৰ দৰে এখন জগতৰ সৃষ্টি কৰিব খুজিছে। গিয়াকমেত্তি বা ব্ৰাঁকুচিৰ দৰে তেওঁ বাচি লৈছে সৰল আৰু মৌলিক ৰূপবোৰক। তেওঁ দেখুৱাব খুজিছে জীৱনৰ দৃঢ়তা বা নিৰৱিচ্ছিন্নতাক। উলম্ব বা হেলনীয়াকৈ অৱস্থিত কেউতা অৱয়বত আছে এক মানৱীয় চেতনা(consciousness)ৰ এক বিশেষ খবৰ। মনৰ ক্ৰিয়াসুলভতা ( playfulness of the mind) তেঁওৰ এই শিল্পকৰ্মৰ এক বিশেষ শক্তি। মনোজ শৰ্মাৰ লেদাৰৰ মাধ্যমত উপস্থাপন কৰা জোতা তিনিপাত যেন ভেন গঘৰ জোতাকেই প্ৰাসংগিক কৰি তুলি লোৱাৰ একবিংশ শতিকাৰ এই সময়ত কৰা এক প্ৰয়াস। তেওঁৰ প্লাষ্টাৰ পেৰিচ আৰু প্লাই উডত মুখবোৰ মৰ্মস্পৰ্শী। কোনে পাহৰিব পাৰে ত্রিদিব শৰ্মাৰ বহি থকা মানুহ দুজন। এই মানুহ কেইজন সমকালীন মানুহৰ চেতনা আৰু অস্তিত্বৰ পীড়াৰে ৰঞ্জিত। আন এগৰাকী তৰুণী শিল্পী পৰিশ্মিতা বৰ্মনৰ কেনভাচত আমি দেখা পাওঁ দুগৰাকী নাৰী ।তেওঁলোকে কি কথা পাতিছে, সেয়া জনা নাযায়। কিন্তু দুয়ো ভিন্ন পৰিস্থিতি আৰু উপলব্ধিৰ মাজেৰে অহা মানুহ। দেখাত সম্পৰ্কটো সহানুভূতি আৰু আন্তৰিকতাৰ। কিন্তু পৰিস্থিতি জটিল আৰু কণ্টক জৰ্জৰিত। সম্পৰ্ক স্থাপনৰ প্ৰয়াস আছে। দুয়োৱে ক’ৰবাত কাৰোবাক এৰি আহিছে। ছবিখনে মনত পেলাব পাৰে মণিপুৰত আজি বহুদিন সংঘটিত হৈ থকা গোষ্ঠীগত সংঘৰ্ষৰ মাজেৰে পাৰ হৈ অহা মানুহখিনিৰ স্মৃতি।

অসমীয়া চিত্ৰশিল্পৰ এই পৰিক্ৰমাই মানৱ মনৰ প্ৰকাশিকা শক্তিক আমাৰ আগত তুলি ধৰে । জীৱন আৰু জগতৰ সৈতে আমাৰ সম্পৰ্ক, বিভিন্ন খবৰ আৰু পাৰ হৈ যোৱা সময়খিনিক এই শিল্পই সযতনে ধৰি ৰাখিছে। আহিবলৈ ওলোৱা সময়বোৰক এই মনে শিল্পৰ যোগেদি জাতিটোক এক শূণ্যতা আৰু পূৰ্ণতাৰ দৰ্শন দিব খুজিছে। বৌদ্ধ দৰ্শনে জীৱনৰ তাৎপৰ্যক শূণ্যতাৰ মাজেৰে চাবলৈ বিচাৰে। এই শূণ্যতাই সাৰবস্তু(essence)ক অস্বীকাৰ কৰে। অৰ্থাৎ কিবা এটা বস্তু যদি আমি দেখিছো, তেনেহলে আন এটা বস্তুৰ কথাও লগে লগে আহি পাৰিছে। অৰ্থাৎ এটা বস্তু আনটোৰ লগত সম্পৰ্কিত। শিল্পও দৰাচলতে মানুহৰ প্ৰয়োজনীয়তাৰ সৈতে সম্পৰ্কিত। মানুহৰ অন্যান্য কথাবোৰৰ মাজেৰেহে ইয়াৰ কথা আহে। শিল্প আছে কাৰণেই মানুহ আছে। শিল্প চেতনা আছে কাৰণেই মানৱীয় চেতনা আছে।