চৰাইদেউৰ জিলা পৰিবহণ বিষয়াক নিলম্বন

চৰাইদেউৰ জিলা পৰিবহণ বিষয়াক নিলম্বন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ পৰিবহণ বিভাগত দালালৰাজৰ অৱসান ঘটোৱাৰ লগতে বিতৰ্কৰ মাজত সোমাই অহা বিভাগটোত স্বচ্ছতা অনাৰ বাবে বৰ্তমান চৰকাৰে এলানি সংশোধন আৰু পৰিৱৰ্তনৰে এক নতুন ৰূপ দিবলৈ প্ৰয়াস কৰি অহাৰ সময়তে জিলা পৰিবহণ বিষয়াৰ দৰে এক গুৰুত্বপূৰ্ণ পদবীত আসীন হৈ বক্ৰপথেৰে ভুৱা লাইচেন্স বৈধ কৰাৰ অভিযোগত সাঙোৰ খোৱাত চৰাইদেউ জিলাৰ পৰিবহণ বিষয়া গৰাকীক বিভাগীয় ঊধ্বৰ্তন কতৃৰ্পক্ষই নিলম্বন কৰা বুলি জানিব পৰা গৈছে৷ চৰাইদেউৰ জিলা পৰিবহণ বিষয়া ৰাজীৱ চন্দ্ৰ বৰদলৈয়ে নগালেণ্ড, অৰুণাচলৰ ভুৱা লাইচেন্স বৈধ কৰিছিল৷ বিষয়াগৰাকীয়ে কোনো পৰীক্ষা নোলোৱাকৈ বহিঃৰাজ্যৰ লাইচেন্সৰ ভিত্তিত বৈধতা প্ৰদান কৰাত পৰিবহণ বিভাগে তৎকালে কাৰ্যকৰী হোৱাকৈ পৰিবহণ বিষয়াগৰাকীক নিলম্বিত কৰিছে৷