বাৰ্ত্তাসেৱা – সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে দিয়া সুবিধা চৰকাৰী বিদ্যালয়ত নাই। চৰকাৰে প্ৰচেষ্টা চলাব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে শিক্ষা, সা-সুবিধা চৰকৰী বিদ্যালয়তো দিবলৈ। চৰকাৰে চৰকাৰী বিদ্যালয়ৰ উন্নতিত অধিক গুৰুত্ব আৰোপ কৰিব বুলি মন্ত্ৰাগৰাকীয়ে প্ৰকাশ কৰে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল সন্দৰ্ভত সোধাত মন্ত্ৰী ডাঃ পেগুৱে কয় যে এই সম্পৰ্কীয় এখন আইন আছে আৰু সেইখন বলবৎ কৰিবলে চৰকাৰে চেষ্টা কৰিব। কিন্তু কথাটো হ’ল অভিভাৱকৰ পছন্দ। অবিভাৱকে কিমান টকাৰ বিদ্যালয়ত সন্তানক পঢু়ৱাব। এই ক্ষেত্ৰত চৰকাৰে একো কৰিব নোৱাৰে।