চৰকাৰে ৩ বছৰত সংবাদ মাধ্যমত বিজ্ঞাপনৰ বাবে প্ৰায় ১,৭০০ কোটি টকা ব্যয় কৰিছিল: কেন্দ্ৰীয় মন্ত্ৰী

Pc broadcast and cablesat

চৰকাৰে ৩ বছৰত সংবাদ মাধ্যমত বিজ্ঞাপনৰ বাবে প্ৰায় ১,৭০০ কোটি টকা ব্যয় কৰিছিল: কেন্দ্ৰীয় মন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে লোকসভাত জনায় যে চৰকাৰে যোৱা তিনি বছৰত প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যমত বিজ্ঞাপনৰ বাবে প্ৰায় ১,৭০০ কোটি টকা ব্যয় কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, “চৰকাৰী বিজ্ঞাপনৰ প্ৰাথমিক উদ্দেশ্য হৈছে অভিপ্ৰেত হিতাধিকাৰীসকলৰ মাজত চৰকাৰী নীতি আৰু আঁচনিৰ সজাগতা সৃষ্টি কৰা।”