চৰকাৰে ১৫ জুলাইৰ পৰা ৭৫ দিনলৈ ১৮ বছৰৰ ওপৰৰ লোকক বিনামূলীয়া বুষ্টাৰ পালি প্ৰদান কৰিবঃ মন্ত্ৰী অনুৰাগ ঠাকুৰ

Pc The Indian Express

চৰকাৰে ১৫ জুলাইৰ পৰা ৭৫ দিনলৈ ১৮ বছৰৰ ওপৰৰ লোকক বিনামূলীয়া বুষ্টাৰ পালি প্ৰদান কৰিবঃ মন্ত্ৰী অনুৰাগ ঠাকুৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে ১৮ বছৰৰ অধিক বয়সৰ নাগৰিকসকলক ১৫ জুলাইৰ পৰা পৰৱৰ্তী ৭৫ দিনলৈ বিনামূলীয়া কোভিড-১৯ বুষ্টাৰ পালি প্ৰদান কৰা হ’ব।”ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিছে। আজাদী কা অমৃত কাল উপলক্ষে সিদ্ধান্ত লোৱা হৈছে যে ১৫ জুলাই, ২০২২ ৰ পৰা পৰৱৰ্তী ৭৫ দিনলৈকে ১৮ বছৰৰ অধিক বয়সৰ নাগৰিকসকলক বিনামূলীয়াকৈ বুষ্টাৰ পালি প্ৰদান কৰা হ’ব”।