চয়নিকাক অসম চাইক্লিং সন্থাৰ সম্বৰ্ধনা

চয়নিকাক অসম চাইক্লিং সন্থাৰ সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  জুনিয়ৰ এছিয়ান ট্ৰেক চাইক্লিঙত অসম জীয়ৰী চয়নিকাই ভাৰতক কৰিছিল প্ৰতিনিধিত্ব । ১৮ ৰ পৰা ২২ জুনলৈ নতুন দিল্লীত অনুষ্ঠিত ৪১ সংখ্যক ছিনিয়ৰ, 28 সংখ্যক জুনিয়ৰ এছিয়ান ট্ৰেক চাইক্লিঙত দুটাকৈ ব্ৰঞ্জ অৰ্জনেৰে অসম তথা দেশলৈ কঢ়িয়াই আনিছে গৌৰৱ । দলীয় শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে চয়নিকাই । আনহাতে, মহিলাৰ এলিট স্কেটছ ৰেচ চাইক্লিং টুৰ্ণামেন্টত ব্যক্তিগত শাখাতো ব্ৰঞ্জ দখলেৰে উজলিছে চয়নিকা । চয়নিকাৰ এই সাফল্যত আনন্দিত অসম চাইক্লিং সন্থা৷আজি দিছপুৰৰ পি ডব্লিউ ডি প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অসম চাইক্লিং সন্থাই আয়োজন কৰিলে এক সম্বৰ্ধনা অনুষ্ঠানৰ । ব্ৰঞ্জজয়ী চয়নিকাক বিপুল সম্বৰ্ধনা জনালে সন্থাই । অসম তথা দেশৰ বাবে চয়নিকা এক গৌৰৱ বুলি অভিহিত কৰিলে অসম চাইক্লিং সন্থাৰ সভাপতি, জ্যেষ্ঠ আৰক্ষী বিষয়া হৰমিত সিঙে সন্থাৰ তৰফৰ যি সহায় সহযোগ লাগে সেইয়া পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিলে হৰমিত সিঙে । লগতে নিজাববীয়াকৈ ৫০ হেজাৰ টকা প্ৰদানৰ কথা ঘোষণা কৰিলে সভাপতিজনে । জুনিয়ৰ এছিয়ান ট্ৰেক চাইক্লিঙত দুটাকৈ ব্ৰঞ্জজয়ী চয়নিকা এছিয়ান গেমছৰ বাবেও বাছনি লাভ কৰিছে । এছিয়ান গেমছত ভাল প্ৰদৰ্শন আগবঢ়াব বুলি আশাবাদী তেওঁ… , এছিয়ান গেমছৰ বাবে কিদৰে প্ৰস্তুত হৈছে ক’লে চয়নিকাই,,,। এছিয়ানৰ বাবে চাউথ কোৰিয়া বা জাৰ্মানীত প্ৰশিক্ষণ লাভ কৰাৰ আশা ব্যক্ত কৰিলে গহপুৰ ডুবিয়া বড়িগাঁৱৰ জীয়ৰী চয়নিকাই চয়নিকাৰ সাফল্যত আনন্দিত অসম চাইক্লিং সন্থাৰ সম্পাদক ড০ তপন দাস । আগন্তুক দিনত অসমৰ চাইক্লিষ্টসকলে আৰু অধিক উন্নত প্ৰদৰ্শন আগবঢ়াব বুলি আশাবাদী সম্পাদকজন । লগতে অসমত নৱেম্বৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব নেচনেল ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ । ইয়াৰ উপৰি অহা ৯ আৰু ১০ জুলাইত সোণাপুৰৰ এল এন আই পি ত আয়োজিত কৰা হৈছে চাইকিং টেলেন্ট হান্ট । এই কথা জনালে অসম চাইক্লিং সন্থাৰ সম্পাদক ড০ তপন দাসে উল্লেখযোগ্য যে, এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিল হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন দাস, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চাইক্লিষ্ট, প্ৰশিক্ষক সকল ।ক্ৰীড়া অনুৰাগীৰ আশা — চয়নিকাৰ বিজয় ধাৰা হওক চিৰপ্ৰবাহমান,,,, এছিয়ান গেমছত পদক অৰ্জনৰে অসম তথা দেশলৈ কঢ়িয়াই আনক গৌৰৱ ।