চেম্পিয়নছ লীগৰ ছেমি ফাইনেলত ৰিয়েল মাদ্ৰিদক ৪-৩ গ’লত পৰাস্ত ম্যানচেষ্টাৰ চিটিৰ

চেম্পিয়নছ লীগৰ ছেমি ফাইনেলত ৰিয়েল মাদ্ৰিদক ৪-৩ গ’লত পৰাস্ত ম্যানচেষ্টাৰ চিটিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  চেম্পিয়নছ লীগৰ ছেমি ফাইনেলৰ প্ৰথম পৰ্যায়ত ম্যানচেষ্টাৰ চিটিয়ে ৰিয়েল মাদ্ৰিদক ৪-৩ গ’লত পৰাস্ত কৰে। কেভিন ডি ব্ৰুয়েনে ৯৩ ছেকেণ্ডৰ পিছত মানচেষ্টাৰ চিটিৰ হৈ স্ক’ৰিং আৰম্ভ কৰে আৰু চেম্পিয়নছ লীগৰ ছেমি ফাইনেলত কৰা দ্ৰুততম গ’লটো ৰেকৰ্ড কৰে। চিটিৰ হৈ গেব্ৰিয়েল যীচু, ফিল ফডেন আৰু বাৰ্নাৰ্ডো চিলভাই আনটো গ’ল কৰে। কৰিম বেঞ্জেমাই ৰিয়েল মাদ্ৰিদৰ হৈ দুবাৰ কৈ গ’ল কৰিছিল, আনহাতে ভিনিচিয়াছ জুনিয়ৰে  এটা গ’ল কৰিছিল।