চেভ ভৰলু বচাও সজাগতা উপলক্ষে ‘ভৰলু পদযাত্ৰা’

pc eastmojo Assam

চেভ ভৰলু বচাও সজাগতা উপলক্ষে ‘ভৰলু পদযাত্ৰা’

ৰঙিলী বাৰ্ত্তাসেৱা- চেভ ভৰলু অভিযানৰ উদ্যোগত পুৱা ৬ বজাত ‘ভৰলু পদযাত্ৰা’ বা ‘ৱাক ফৰ ভৰলু’ অনুষ্ঠিত হয়৷চিৰিয়াখানা জ্যেষ্ঠ নাগৰিক সন্থা,সনাতন ধৰ্ম সভা,অম্বিকাগিৰি নগৰ উন্নয়ন সমিতিকে প্ৰমুখ্যে কৰি ৰাধাগোবিন্দ পথৰ অন্যান্য সামাজিক অনুষ্ঠানৰ সহযোগত চেভ ভৰলু অভিযানে এই জন সচেতনতা কাৰ্যসূচী হাতত হয়৷জোনালীৰ সনাতন ধৰ্ম সভাৰ প্ৰাংগণত ৬ বজাত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই শুভাৰম্ভ কৰে৷এই পদযাত্ৰা ৰাধাগোবিন্দ পথেৰে দক্ষিণমুৱা হৈ গৈ শ্ৰদ্ধাঞ্জলি কাননত সমবেত হৈ এখন চমু সজাগতা সভাৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়৷গুৱাহাটীক নিজৰ বুলি ভবা সকলো সমাজ সচেতন নাগৰিকে এই কাৰ্যসূচীত যোগ দি অভিযান আগবঢ়ায়৷উল্লেখ্য,বিগত বৰ্ষত ২৬ ছেপ্টেম্বৰত জোনালীৰ পৰা ভৰলুমুখলৈ বাইচাইকেল ৰেলীৰে ‘বিশ্ব নদী দিৱস’ উদ্‌যাপনেৰে আমাৰ ভৰলু পুনৰীজ্জীৱিত কৰাৰ জন সচেতনতা কাৰ্যসূচী আৰম্ভ কৰি একাদিক্ৰমে সদৌ অসম ভিত্তিত স্কুলীয়া শিক্ষাৰ্থীৰ মাজত ভৰলু বিষয়ক ৰচনা প্ৰতিযোগিতা,প্ৰাথমিক স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত থলীতে অঁকা চিত্ৰাংকন প্ৰতিযোগিতা আৰু ২৬ মাৰ্চত সদৌ অসম ভিত্তিত ভৰলু বিষয়ক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়৷