চুৰাটত ৩৪৭২ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

Pc Prokerala

চুৰাটত ৩৪৭২ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ৩,৪৭২.৫৪ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে পানী যোগানৰ বাবে ৬৭২ কোটি টকা, নিষ্কাশন প্ৰকল্পৰ বাবে ৮৯০ কোটি টকা, ড্ৰীম চিটিৰ বাবে ৩৭০ কোটি টকা, ১৩৯ কোটি টকা ব্যয়েৰে জৈৱ বৈচিত্ৰ্যউদ্যান আদিৰ কাম আছে বুলি গুজৰাট চৰকাৰে এক প্ৰেছ বিজ্ঞপ্তিত কয়।