চিৰাম ইনষ্টিটিউটৰ কেন্দ্ৰক GAVIৰ দ্বাৰা বিনামূলীয়াকৈ প্ৰদান কৰা ১০ কোটি কভিশ্বিল্ড পালি ব্যৱহাৰ কৰিবলৈ আহ্বান
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় চিৰাম ইনষ্টিটিউট (এছআইআই)য়ে কেন্দ্ৰক কৰোনা ভাইৰাছৰ বৰ্ধিত ঘটনাৰ মাজত ভেকছিন এলায়েন্স জিএভিআই(GAVI)ৰ দ্বাৰা বিনামূলীয়াকৈ প্ৰদান কৰা ১০ কোটি কভিশ্বিল্ড পালি তৎক্ষণাৎ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। ভাৰতীয় চিৰাম ইনষ্টিটিউটয়ে কৈছিল যে যদি ভাৰত চৰকাৰে কভিশ্বিল্ডৰ এই ১০ কোটি বিনামূলীয়া পালি সময়মতে প্ৰদান নকৰে, তেন্তে জীৱন ৰক্ষাকাৰী ভেকছিনৰ অপচয় হ’ব।