চিবিআইয়ে ২৫ বছৰ পুৰণি ঋণ ডিফল্ট গোচৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰক গ্ৰেপ্তাৰ 

pc- Northeast Now

চিবিআইয়ে ২৫ বছৰ পুৰণি ঋণ ডিফল্ট গোচৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে  অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াক প্ৰায় ৯ লাখ ৰ ২৫ বছৰ পুৰণি ঋণ ডিফল্ট গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে, বিষয়াসকলে কয়। এইচ পি এছ প্রাইভেট লিমিটেডৰ সঞ্চালক হিচাপে লোৱা ৯,৩৭,৭০১ টকাৰ ঋণ পৰিশোধ নকৰা আৰু মেছাৰ্ছ আছাম ফুড প্রডাক্টছ লিমিটেড নামৰ সংস্থাটোৰ মুখ্য কাৰ্যবাহী সঞ্চালক হিচাপে প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলি এছকাৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া এন এন বৰকাকতিয়ে অশোক শইকীয়াৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী থানাত ১৯৯৮ চনৰ ৬ এপ্ৰিলত দুখন এজাহাৰ দাখিল কৰিছিল। “ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত গোচৰটো ১৯৯৬ চনত পঞ্জীয়ন কৰা হৈছিল। মই ঋণ পৰিশোধ কৰিছো আৰু স্বীকৃতি লাভ কৰিছো। মই ইয়াক আদালতত দাখিল কৰিম,” গ্ৰেপ্তাৰ হোৱাৰ আগতে শইকীয়াই সংবাদ মাধ্যমৰ লোকসকলক কৈছিল।