চিদলী সমষ্টিৰ প্ৰাৰ্থী ঘোষণা ইউ পি পি এল আৰু বি পি এফৰ
ৰঙিলী বাৰ্ত্তাসেৱা- চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বি পি এফ আৰু ইউ পি পি এল দলৰ প্ৰাৰ্থী ঘোষণা । চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাশীকোত্রাস্থিত এনডিএৰ কেন্দ্ৰীয় নির্বাচন পৰিচালনা কাৰ্যালয়ত অংশীদাৰ দল ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক (প্রশাসন) ৰাজু কুমাৰ নাৰ্জাৰীয়ে বিয়লি ২ বজাত দলৰ চিৰাং জিলা সমিতিৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্মৰ নাম ৩১নং চিদলী (জনজাতি) বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দলীয় প্রার্থী হিচাপে ঘোষণা কৰে। দলৰ কার্যকৰী সভাপতি ইউ জি ব্রহ্ম আৰু সাংসদ জয়ন্ত বসুমতাৰী, এমচিএলএ মাধৱ ছেত্ৰীৰ উপস্থিতিত আনুষ্ঠানিকভাবে প্রার্থীৰ নাম ঘোষণা অনুষ্ঠানত ইউপিপিএল দলৰ উপৰি এনডিএৰ অংশীদাৰ দল বিজেপি, অগপৰ জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সহস্রাধিক দলীয় কর্মী তথা সমর্থকসকল উপস্থিত থাকে। উৎফুল্লিত দলীয় কর্মী তথা সমর্থকসকলে আতচবাজীৰে আবতৰীয় দেৱালীৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে মিঠাই বিতৰণ কৰি আনন্দ প্রকাশ কৰে। নির্মল কুমাৰ ব্ৰহ্মই সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত সমষ্টিটোত ইতিমধ্যেই বিধায়ক জয়ন্ত বসুমতাৰীয়ে বহুত কাম কৰিছে বুলি মন্তব্য কৰে। লগতে বৰ্তমানৰ সাংসদজনে আৰম্ভ কৰা সকলোবোৰ কাম তেওঁ সম্পূর্ণ কৰিব বুলিও মন্তব্য কৰে। সমষ্টিটোৰ ভোটাৰে তেওঁক বিপুল ভোটত জয়ী কৰাব বুলি তেওঁ নিশ্চিত আৰু ৰাইজৰ সেৱাত তেওঁ নিজকে সমর্পণ কৰিব বুলিও দৃঢ়মত প্রকাশ কৰে। আনহাতে, বিপিএফ দলেও কাজলগাঁওস্থিত জিলা কার্যালয়ত চিদলী সমষ্টিৰ বাবে প্ৰক্ষেপিত দলীয় প্রার্থীৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰে। বিপিএফ দলৰ সভাপতি হাগ্রামা মহিলাৰীয়ে কেন্দ্রীয় উপ-সভাপতি শুদ্ধ বসুমতাৰীক চিদলী বিধানসভা সমষ্টিৰ ‘উপ-নিৰ্বাচনৰ দলীয় প্রার্থী হিচাপে মনোনীত কৰে। বিপিএফ দলৰ প্ৰক্ষেপিত প্রার্থী শুদ্ধ বসুমতাৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়- মোৰ বিজয় সুনিশ্চিত। কিমান ভোটত জয়লাভ কৰিম সেইটো মই এতিয়াই ক’ব নিবিচাৰোঁ। অহংকাৰী মানুহে সেই কথা কয়। মই ব্যৱধান উল্লেখ কৰিলে ভোটাৰ ৰাইজে মোকো অহংকাৰী বুলি ভাবিব। ৰাইজৰ আশীৰ্বাদত মই বিজয়ী হ’ম।