চিকিৎসক দিৱস
শিৰোনামাই আমাক সোঁৱৰাই দিয়ে যে চিকিৎসক আৰু চিকিৎসা বৃত্তিৰ লগত জড়িত ব্যক্তিৰ বাবে এটি স্মৰণীয় দিন | চিকিৎসক সকল আমাৰ বাবে এজন দেৱদূতৰূপী ভগৱান | কাৰণ আমাৰ বা আমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ বা কিবা দুৰ্ঘটনা হয় তেতিয়া তেখেত সকলৰ এষাৰ মাত বা আশ্বাসে ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ মনত যথেষ্ট আশা বা সাহস দিয়ে ; যিয়ে বিপদসংকুল পৰিস্থিতত নিজকে স্থিৰ কৰি ৰাখিবলৈ সক্ষম হয় | আকৌ আমি পাহৰিব নোৱাৰা অন্য এটি ঘটনা হ’ল যে আজি দুবছৰৰ আগতে বিশ্ব কঁপাই যোৱা কৰ”ণা কালত তেখেতসকলে নিজৰ পৰিয়াল , ঘৰ – সংসাৰ তথা নিজৰ জীৱনকো তুচ্ছ কৰি মানৱ সেৱাত যি সাহস আৰু ধৈৰ্যৰে ত্ৰাণকৰ্তাস্বৰূপে সকলোৰে পৰা আঁতৰি বিভৎস্য মৃত্যু যন্ত্ৰণাৰ সৈতে যুঁজি থকা ব্যক্তিসকলৰ কাষত থিয় হৈ যি সাহস যোগাইছিল সি যে সঁচাই প্ৰশংসনীয় | সেয়েহে তেনে ব্যক্তিসকলৰ বাবে আমি এটি দিন নিৰ্দিষ্ট ভাৱে লৈ তেখেতসকলক উৎসাহিত কৰা বা সন্মানাৰ্থে কৃতজ্ঞাৰ চিন স্বৰূপে উৰ্চগা কৰাতো তেনেই নগন্য কাম | এই দিৱসে এই বৃত্তিৰ লগত জড়িত দন্ত চিকিৎসকৰ পৰা স্নায়ুৰোগ বিশেষজ্ঞ , হেমিঅ’ পেথিক , আয়ুবেদিক সকলোকে সামৰি লৈছে |
চিকিৎসক দিৱসৰ এক সুকীয়া ইতিহাস আৰু তাৎপৰ্য আছে | এই দিৱস প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়াৰ বেৰ’কাউন্তি নামে ঠাইৰ Eudora Brown Almond নামৰ এগৰাকী সমাজ সেৱিকাই উলিয়াইছিল | তেওঁ শৈশৱৰ পৰাই তেওঁলোকৰ গৃহ চিকিৎসকসকলে তেওঁলোকৰ পৰিয়াললৈ আগবঢ়োৱা সেৱা তথা সহায় – সহযোগবোৰ দেখি চিকিৎসকসকলৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ চিনস্বৰূপে এনে এটা দিৱস উদযাপনৰ কথা ভাবিছিল | সৌভাগ্যক্ৰমে ইউডৰা ব্ৰাউন এলমণ্ডৰ বিবাহ হ’ল Charles B. Almond নামৰ এজন প্ৰখ্যাত চিকিৎসকৰ লগত | ফলস্বৰূপে তেওঁৰ এই কথাটো কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ সহজ হৈ পৰিল | তেওঁ ৩০ মাৰ্চ দিনটোৱেই ‘ চিকিৎসক দিৱস ‘ৰ বাবে উপযুক্ত দিন হ’ব বুলি ভাবিলে | কাৰণ ১৮৪২ চনৰ সেই দিনটোতেই জৰ্জিয়াৰ জেফাৰচন চিকিৎসালয়ৰ প্ৰখ্যাত চিকিৎসক Crawford W. Long য়ে বিশ্বত প্ৰথম বাৰৰ বাবে অস্ত্ৰোপচাৰত সংজ্ঞাহৰণ ঔষধ ( anesthesia) প্ৰয়োগ কৰি সফল হৈছিল | সেয়েহে ১৯৩৩ চনৰ ৩০ মাৰ্চৰ দিনা সেই মহান চিকিৎসকজনাৰ সমাধিত ফুলৰ থোপাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি চিকিৎসক দিৱসৰ শুভাৰম্ভ কৰিছিল | পিচত ১৯৫৮ চনত আমেৰিকাৰ প্ৰতিনিধি সভাত ৩০ মাৰ্চৰ দিনটো চিকিৎসক দিৱস হিচাপে পালন কৰিবলৈ এক প্ৰস্তাৱ গ্ৰহণ কৰিলে | ১৯৯০ চনত আমেৰিকাৰ কংগ্ৰেছত ৩০ মাৰ্চ তাৰিখটো ‘ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ‘ ৰূপে ঘোষণা কৰি এখন বিল পাচ হয় , য’ত ৰাষ্ট্ৰপতি জৰ্জ বুশ্বে স্বাক্ষৰ কৰি আইনত পৰিণত কৰে | এপাহ ৰঙা সুগন্ধি ফুল ‘চিকিৎসক দিৱস ‘ ৰ চৰকাৰী প্ৰতীক ৰূপে বাচি লয় | এই ফুলৰ ৰঙটোৱে প্ৰেম , উদাৰতা , ত্যাগ , বীৰত্ব আৰু নৈতিক সাহসক সূচায় যি চিকিৎসা বৃত্তিৰ সৈতে একাত্মক |
এই আৰ্হিতেই ভাৰতটো ‘ চিকিৎসক দিৱস ‘ উদযাপন কৰা হয় খুব কম সংখ্যক লোকৰ সহযোগত | ভাৰতত এজন প্ৰখ্যাত চিকিৎসক আৰু জননেতা ডা. বিধান চন্দ্ৰ ৰয়ৰ জন্ম দিনত এই দিৱস পালন কৰা হয় | ১৮৮২ চনৰ জুলাই মাহৰ ১ তাৰিখে বিহাৰৰ পাটনা চহৰত এইজনা মহান ব্যক্তিৰ জন্ম হৈছিল | কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ ইংলণ্ডৰ পৰা MRCP ডিগ্ৰী লয় | তাৰ পিছত ১৯১১ চনত ভাৰতলৈ আহি প্ৰথমে “কলিকতা মেডিকেল কলেজত ” তাৰ পিছত “কেম্পবেল মেডিকেল স্কুল ” ত আৰু তাৰ পিছত ” কাৰমিশ্যাল মেডিকেল কলেজ ” ত অধ্যাপনা কৰিছিল | ডা. বিধান চন্দ্ৰ ৰয় এজন দক্ষ চিকিৎসক বা শিক্ষাবিদেই নহয় এজন আগশাৰীৰ স্বাধীনতা যুঁজাৰুও আছিল | মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা “আইন অমান্য ” আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰি দেশ প্ৰেমৰ পৰিচয় দিছিল | ডা. ৰয় এজন নিভাজ সমাজ কৰ্মীৰ লগতে বহু অনুষ্ঠানৰ পিতৃস্বৰূপ আৰু ৰোগীৰ বাবে আছিল সাক্ষাত ভগৱান |
ডা. বিধান চন্দ্ৰ ৰয়দেৱ শেষলৈ ৰাজনৈতিক ক্ষেত্ৰখনটো সোমাই পৰে | ইয়াৰ প্ৰধান কাৰণটোৱেই হৈছে তেখেতৰ সমাজৰ উন্নয়নৰ অৰ্থে থকা অৱদান , জন সাধাৰণৰ প্ৰতি থকা অকৃত্রিম স্নেহ আৰু সেৱাৰ মনোভাৱ | এই সকলোবোৰেই তেখেতক ৰাজনীতি ক্ষেত্রলৈ লৈ আনিলে | যাৰ বাবে তেখেতে জাতীয় কংগ্ৰেছৰ নেতৃত্ব বহন কৰাৰ উপৰিও পিছলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিবলৈ সক্ষম হৈছিল | ১৯৬২ চনৰ ১ জুলাই দিনা দীঘলীয়া ব্যস্ত কৰ্মজীৱনৰ পৰাই নহয় এই বিশ্বৰ পৰা চিৰকুমাৰ ডা. ৰয়দেৱৰ পাৰ্থিৱ দেহৰ সঁজাত বন্দী হৈ থকা প্ৰাণ পক্ষীটি মুকলি হৈ সকলোৰে অজ্ঞাতে নিথৰ দেহটো মাথো অনুগামী সকলোলৈ এৰি অজান দেশলৈ গুচি গ’ল |
চিকিৎসক দিৱসত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় | জনসাধাৰণৰ বাবে নিজৰ জীৱন উচৰ্গা কৰাৰ বাবে ডা. ৰয় দেৱলৈ কৃতজ্ঞতাৰ চিন স্বৰূপে ভাৰত চৰকাৰৰ ফালৰ পৰা ১৯৬১ চনত সৰ্বোচ্চ অসামৰিক সন্মান ” ভাৰত ৰত্ন ” প্ৰদান কৰা হয় | তদুপৰি তেওঁৰ স্মৃতিত ১৯৭৬ চনৰ পৰা B. C. Roy national Award প্ৰৱৰ্তন কৰা হয়|
চিকিৎসক দিৱসৰ এই মহান দিনটোত জনসাধাৰণেও চিকিৎসক সকলক যথোচিত শ্ৰদ্ধা , সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰি ইয়াক সাৰ্থক কৰাৰ লগতে এক গুৰুত্বপূৰ্ণ দিৱসত পৰিণত কৰাতো সকলোৰে কৰ্তব্য | শেষত সকলো চিকিৎসক তথা চিকিৎসা বৃত্তিৰ লগত জড়িত ব্যক্তিসকললৈ ” চিকিৎসক দিৱস “ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো |
মঞ্জুষা শৰ্মা
তিতাবৰ