চাকৰি নে চৰিত্ৰ – ববিতা বৰা

pc Science

চাকৰি নে চৰিত্ৰ

এটা চাকৰি কাক নালাগে?
সকলোৱেই বিচাৰে এটা চৰকাৰী চাকৰি,এটা মোটা অংকৰ দৰমহা আৰু বিলাসিতা।
বৰ্তমান সময়েই এনেকুৱা।জীৱনৰ উদ্দেশ্য বুলিলেই ‘চৰকাৰী চাকৰি’ বুলিহে মনলৈ আহে।
যদিওবা চাকৰি এটা নোহোৱাকৈ উশাহ ল’ব পাৰি,মানুহৰ কটূ-ঠাট্টা মস্কাৰ কাণত পৰাৰ লগে লগেই চাকৰি এটা নোহোৱাৰ যান্ত্ৰণায়ে বৰকৈ মেৰিয়াই ধৰে।
আজিকালি কোনোবাই কাৰোবাক লগ পালে,’কি খবৰ’ বুলি সোধা কম বৰঞ্চ ‘এতিয়া কি কৰি আছ্’ বুলিহে প্ৰথমে সোধে।
ঘৰ-পৰিয়াল বা সুখ-অসুখৰ বিনিময় দূৰতেই থাকে।
নেজ লৰাই,চৰকাৰলৈ যৌতুক যাচিঁ চাকৰি গোটোৱা সকল বা তেওঁলোকৰ পৰিয়ালৰ লোকে, সৎ পথত থাকি চাকৰি এটা গোটাব নোৱাৰা এজনক নীতি শিক্ষা দিয়াৰ প্ৰকোপটো অলপ বেছি যেন দেখো!অথচ তেনেসকলে বুজি নাপাই যে এটা পদ তেওঁলোকে বেইমানী কৰি কিনি লোৱাৰ ফলশ্ৰুতিতেই হয়তো যোগ্যতা থকা আনজনে প্ৰাপ্য পদটো হেৰুৱালে।
এনেকুৱা ব্যক্তিও দেখিছো,যি চৰকাৰী গাদীত বহিছে।এখন সাধাৰণ আবেদনপত্ৰ পূৰাবলৈ এঘন্টা সময় লৈছে!আন কিছুমানে গাদীত বহি ঘৰ পৰিয়ালৰ লগত ভাত-মাছৰ কথা পাতি আছে, তেওঁৰ অপেক্ষাত খাপ পিতি আনজন ৰৈ আছে।উপায় নাই।সহ্যৰ সীমাৰ বাহিৰ হৈ গৈছে যদিও মাত মাতিব পৰা নাই কাৰণ তেনে কৰিলে কৰিবলৈ অহা কামটোও গাদীত বহি থকাজনে পিছুৱাই পিছুৱাই দেৰি কৰিব।
কোনোবা সময়ত,এনেলোকক ‘তেল মাৰিব’ লগা হ‌য়,নিজৰ স্বাৰ্থত।
এচামে আকৌ পোনপটীয়াকৈ কাম কৰিলে সন্মাণ তললৈ যোৱাৰ ভয় কৰে।চৰকাৰী চাকৰি কৰে যিহেতু অলপ নাটক কৰো বুলিয়েই নে কি এবাৰতেই প্ৰয়োজনীয় বস্তু বা নথি পত্ৰখিনি আনজনক লাগিব বুলি কোৱাৰ পৰিৱৰ্তে,ইটো নাই সিটো লাগিব বুলি দহবাৰ দৌৰাই। নিৰ্দিষ্ট দিনত তেওঁ মাতি পঠালেও আকৌ ইটো-সিটো নতুন কিবা আৱিস্কাৰ কৰি অত ত’ত জেৰক্স কৰিবলৈ পঠোৱাজন কোনফালৰ পৰা এজন দ্বায়িত্বশীল কৰ্মচাৰী?
এটা সাধাৰণ বানান শুদ্ধকৈ লিখিব নজনা অফিচৰ কৰ্মচাৰীক ‘চাৰ’ বুলি মতাটো কিমান গ্ৰহণযোগ্য?
কথাবোৰ তেওঁলোকৰ নজনা বা নোৱাৰাটোৰ ওপৰত কোৱা হোৱা নাই। তেওঁলোকৰ যি সস্তীয়া ‘মই বৰ’ ব্যৱহাৰ,সেই ভিত্তিত চাই তেওঁলোকৰ স্থিতিৰ ওপৰত প্ৰশ্ন উঠে।সকলোবোৰ তেনেকুৱা নহয়।কিছুসংখ্যক কিন্তু নোহোৱাও নহয়।
ইমান খাটনি,ইমান ফৰমাইছ দি থকাজনে মোৰ/আপোনাৰ/আমাৰ দূৰ্বলতাৰ সুযোগ লয় আচলতে।
কৰ্তব্যৰ সময়ত মুখত তামোল পাণ চোবাই সহায় বিচাৰি যোৱাজনৰ কথাত অৱহেলা যেন কৰি থকা,ভাত-মাছৰ কথা পাতি আনজনক ৰখাই থোৱা..এইবোৰ সস্তীয়া মনোভাৱ কিয়?
।।
কিয় এচামে আন এজনক চাকৰি নাই বুলি হাহেঁ?হহাঁৰ যুক্তি ক’ত? তেওঁ আপোনাৰ টকাত খাইছে নে পিন্ধিছে?আচৰিত নহয়নে?আচলতে বেলেগৰ কথা বাদেই দিছো।ঘৰ-পৰিয়ালৰ নিজৰ মানুহেই আপোনজনক হহাঁৰ কোবতো বেছি।
কি যে পৃথিৱী!
পঢ়া শুনা কৰি,চেষ্টা আৰু কষ্ট কৰা সৎ নীতিত থকা এজনে চাকৰি নাপায় শেষত খেতি কৰিলে,তামোল পাণৰ দোকান দিলে কিমানৰ যে পেটত কুট্ কুটাই সেইয়া নক’লেও হ’ব। তেওঁলোকৰ প্ৰশ্ন,’ইমান পঢ়ি শুনি এইয়াহে কৰিলা।’
শিক্ষিত ছোৱালী এজনীয়ে চাকৰি গোটাব নোৱাৰি চিলাই বা সৰু সুৰা কিবা এটা কৰি আনৰ ওচৰত হাত নপতাকৈ চলি থকাৰ সময়ত এচামৰ উপদেশ,’বিয়া হোৱা ধনী লʼৰা এটা চাইʼ।
ছিহ: কেনে মানসিকতা।নহয়নে?
তাৰ মানে চাকৰি নথকা সকল মানুহ নহয়?
এটা সুৰক্ষিত ভৱিষ্যত সকলোৱেই বিচাৰে।
কিন্তু সেইবুলি চৰকাৰী চাকৰি থকা কোনো চৰিত্ৰহীন এজন পূৰুষলৈ এজনী ছোৱালীক বিয়া দিওঁতে বহু অভিভাৱকে চাকৰিটোহে প্ৰথম প্ৰাধন্য দি সম্পৰ্ক গঢ়িব বিচাৰে।চাকৰি নথকা সৎ চৰিত্ৰৰ যুৱক এজনলৈ,যিজনে বিশ্বাস আৰু ভালপোৱাৰে সদায়েই যুৱতী গৰাকীক ৰাখিব পৰাৰ সামৰ্থ্য আছে,তেনে এজনলৈ নিজৰ কন্যাক দিয়াৰ বেলিকা কিয় দহবাৰ ভাৱে?
চাকৰি প্ৰয়োজন, কিন্তু চৰিত্ৰ?
এচামে আকৌ মোটা দৰমহা পোৱা পিতৃৰ ধনৰে আনক উপলুঙা কৰে।গৰ্ব কৰে।আন কিছুমানে আকৌ একো জীৱিকাৰ সমল নথকা নিজৰ পিতৃৰ পৰিচয় আনক দিবলৈ বেয়া পাই,লাজ কৰে।
 কিয়?
আপোনাৰ পিতৃয়ে কি কৰে,আপুনি কি কৰে দুয়োটা প্ৰশ্ন ভিন্ন।যাৰ পৰা নিজৰ পৰিচয় পাইছো সেইজন জন্মদাতাৰ চাকৰি নাই বুলিয়েই চিনাকি দিবলৈ ইমান লাজ কিয়?
এজন পিতৃৰ জীৱিকাক লৈ হহাঁজন কিমান শিক্ষিত?কিমান মূল্যবোধৰ জ্ঞান থকা,আধুনিকতাৰ পোহৰ পৰা সন্তান হ’ব পাৰে তেনেলোক?
চৰকাৰী চাকৰি বহু বেয়া বস্তু নহয়নে?বৰ্তমান সময়তটো চাকৰি আছে মানে আপুনি বৰ পুৰুষ।আৰু আপোনাৰ চাকৰিহীনতাই এচাম সমাজ সচেতন ব্যক্তিক গঢ় দিয়ে যি আপোনাক মানসিক পীড়া দিবলৈ উঠি-পৰি লাগে,বাৰে বাৰে সোৱঁৰাই দিয়ে যে আপোনাৰ চৰকাৰী চাকৰি নাই।গতিকে আপুনি সৎ পথত থাকিলেও আপোনাৰ চৰিত্ৰও অসৎ,সন্মাণৰ পাত্ৰও আপুনি নহয়।
….
সৰুতে জীৱনৰ লক্ষ্য নামৰ ৰচনাখনতও চৰকাৰী চাকৰি থকা পদবোৰৰ বিষয়েই আপুনি/মই লিখিছিলো।যেনে ডাক্তৰ, ইঞ্জিনিয়াৰ,শিক্ষক ইত্যাদি।
নম্বৰৰ আশাত মইও লিখিছিলো যদিও মোৰ মনত সদায়েই থকা লক্ষ্যটো মই আজি পৰ্যন্ত নিলিখিলো।
আচলতে,কিতাপবোৰতো চাগে চৰকাৰী শব্দটোৰ প্ৰাধ্যন্য বেছিয়েই আছিল।সেইবাবেইটো প্ৰতিটো পেচাৰ আগত ‘আদৰ্শ’ শব্দটো লিখিবলৈ পাহৰিলে।
শেষত,আপোনাৰ/মোৰ অস্তিত্বত প্ৰশ্ন উঠে
‘চাকৰি নাই যিহেতু সচাঁকৈয়ে আমিও এজন মানুহেই নে!?
ববিতা বৰা