চাকৰিৰ নামত তামোল এখনো নোখোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলৰ নেতাই চলাইছে চাকৰিৰ বজাৰ: আপ

চাকৰিৰ নামত তামোল এখনো নোখোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলৰ নেতাই চলাইছে চাকৰিৰ বজাৰ: আপ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত খোদ বাজপেয়ী ভৱনৰ পৰাই চলিছে চাকৰিৰ বজাৰ। টকা দিয়া, চাকৰি লোৱা এই কাৰ্যত লিপ্ত হৈছে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ বুলি কোৱা বিজেপি চৰকাৰ খনৰেই নেতা পালিনেতা। এটা এটাকৈ ফাদিল হ’ব ধৰিছে দুৰ্নীতি কেলেংকাৰীৰ অধ্যায়। এই সন্দৰ্ভত আপ অসমে আয়োজন কৰা এখন সংবাদ মেলত দলটোৰ উপ-সভাপতি জিতুল ডেকাই কয় যে তামোল এখন নোখোৱাকৈ চাকৰি দিয়া বুলি নিকা ভাৱমূৰ্তি দেখাবলৈ চেষ্টা কৰা মুখ্যমন্ত্ৰীৰ দলতেই এতিয়া ওলাইছে চাকৰিৰ দালাল। ইন্দ্ৰানী তহবিলদাৰ নামৰ বিজেপি নেত্ৰী এগৰাকীৰ আত্মহত্যাৰ ঘটনাৰ পৰাই প্ৰকাশ পাইছে চাকৰিৰ ক’লা বজাৰৰ কথা। চানমাৰি আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰাৰ পাছতেই পোহৰলৈ আহিছে এজন এজনকৈ দালালৰ নাম। অনুৰাগ চলিহা নামৰ বিজেপিৰ দালাল আৰু অসীম চক্ৰৱৰ্তী নামৰ আৰ এছ এছৰ এগৰাকী জ্যেষ্ঠ নেতাৰ আত্মীয় গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁলোকৰ ঘৰত উদ্ধাৰ হোৱা admit, প্ৰাৰ্থীৰ নামৰ তালিকাই এখনো তামোল নোখোৱাকৈ চাকৰি পোৱা বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথাত এতিয়া সন্দেহ সৃষ্টি কৰিছে ৰাইজৰ মনত। লক্ষণীয়ভাৱে এই দুগৰাকী দালালৰ ঘৰৰ পৰা উদ্ধাৰ হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে বিশেষ মন্তব্য। এই সমগ্ৰ ঘটনা দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰীয়ে কৈছে যে টকা দিয়া সকলে চাকৰি পোৱা নাই। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহওঁতেই মুখ্যমন্ত্ৰীয়ে এই কথা কেনেকৈ জানিলে। ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ এই ঘটনাৰ ক্লিনশ্বিট দিব বিচাৰিছে নেকি। নে সত্য ওলাই যাব বুলি মুখ্যমন্ত্ৰীয়ে ভয় খাইছে। চানমাৰি আৰক্ষীয়ে তদন্তৰ আওতালৈ এজনৰ পাছত এজনকৈ অভিযুক্তক আনি থকাৰ লগতে গ্ৰেপ্তাৰ কৰা দুগৰাকী দালালৰ ঘৰত এডমিত, প্ৰাৰ্থীৰ তালিকা, ধনৰ লেন দেনৰ তথ্য লাভ কৰাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই বক্তব্যই সন্দেহৰ সৃষ্টি কৰিছে। তাতোকৈ ডাঙৰ কথা তদন্ত চলি থাকোতে তদন্তৰ তদাৰক কৰা আৰক্ষীৰ মধ্য খণ্ডৰ ডি চি পি গৰাকীক বদলি কৰা কাৰ্যই এই সন্দেহ আৰু অধিক কৰি তুলিছে। অনুৰাগ চলিহা আৰু অসীম চক্ৰৱৰ্তী নামৰ দালাল কেইজনে কাৰ সাহসত চাকৰিৰ নামত ধন সংগ্ৰহ কৰিছিল। দুৰ্নীতি দেখিলে মুখ্যমন্ত্ৰীয়ে বাঘৰ দৰে জঁপিয়াই পৰিব বুলি কঠোৰ হোৱাৰ পাছতো তেওঁলোকে সাহস পালে কেনেকৈ। নিশ্চয় তেওঁলোকৰ আঁৰত বিজেপিৰ আৰু প্ৰভাৱশালী লোক জড়িত থাকিব পাৰে। সেয়ে এই কেলেংকাৰীৰ তদন্ত মহামান্য উচ্চ ন্যা়য়ালয়ৰ ন্যায়াধীশৰ জড়িয়তে ন্যায়িক তদন্ত কৰিবলৈ আপ অসমে দাবী জনাইছে। ৰাতিটোৰ ভিতৰতে মাটিৰ দালালৰ নামত সাধাৰণ লোকক ধৰি চমক সৃষ্টি কৰা মুখ্যমন্ত্ৰীয়ে দলৰ ভিতৰত থকা দালালৰ বিৰুদ্ধেও অভিযান চলাওক। দলৰ ভিতৰতে যিহেতু এতিয়া দালাল বৃদ্ধি পাইছে সেয়ে ভিজিলেঞ্চৰ শাখা এটা বাজপেয়ী ভৱনৰ ভিতৰত পাতি লৈ তদন্ত কৰিবলৈও দাবী জনায় আপৰ উপ-সভাপতি জিতুল ডেকাই। আনহাতে সংবাদ মেলত উপস্থিত থাকি আপ অসমৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয় যে বৰ্তমান বিজেপি দলটোত মহিলা সুৰক্ষিত নহয়। দলটোত আধাতকৈ বেছি মহিলা সদস্য থকা বুলি দাবী কৰা মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকা ক’ত নিৰুদ্দেশ হ’ল। এটাৰ পাছত এটাকৈ দলৰ মহিলা সদস্যৰ হত্যা, আত্মহত্যাৰ ঘটনা ঘটাৰ পাছতো তেওঁ নিমাত কিয়? এনে বোৰ ঘটনা সংঘটিত হৈ থকাৰ পাছতো ৰাজ্যিক মহিলা আয়োগে কোনো ভূমিকা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক। বিজেপি দলৰ মহিলা সদস্য সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আপে দাবী জনায়। এই সংবাদ মেলখনত আপ অসমৰ মিডিয়া তত্ত্বাৱধায়ক হেমন্ত ফুকনো উপস্থিত থাকে।