চহৰৰ মাজমজিয়াত বিদ্যামন্দিৰৰ সন্মুখত গেলা-পচা আবৰ্জনাৰ দ’ম কিয়?
নিখিলৰঞ্জন গোস্বামী,কপাহেৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও চহৰৰ মাজমজিয়াত ১৯৫৬ চনত স্থাপিত ঐতিহ্যমণ্ডিত ‘‘হয়বৰগাঁও হাইস্কুল” খনৰ সন্মুখত নগাঁও পৌৰ সভাই হয়তো অনুমটি প্ৰদান কৰিছে দাঁতিকাষৰীয়া বাসিন্দা, ব্যৱসায়-বাণিজ্যৰ প্ৰতিষ্ঠান সমহৰ গেলা পচা আবৰ্জনা, তথা অন্যান্য সামগ্ৰী সমূহ জমা কৰিবৰ কাৰণে, যাৰ ফলত মুকলিকৈ পেলাই থোৱা হয় পাকঘৰ, হোটেল, দোকানৰ অৱশিষ্টবোৰ৷ মানুহে দুৰ্গন্ধৰ কাৰণে নাকত ৰোমাল লৈ অহা-যোৱা কৰিব লাগে৷ সেই স্থানতেই আকৌ ৰয়হি বিভিন্ন স্থানৰ পৰা অহা যাত্ৰীবাহী বাহন, টেম্পুসমূহ৷ তাতেই যাত্ৰীৰ অপেক্ষাত ৰৈ থাকে ৰিক্সা, ই-ৰিক্সা সমূহ৷ গেলা-পচা সামগ্ৰী সমূহ খুচৰি থাকে গৰু কাউৰী আৰু বটল বিচৰা দুৰ্ভগীয়া সংখ্যালঘু সম্পদায়ৰ লৰাহঁতে৷ গেলাতে-টেঙা, কৰ্দযময় পৰিবেশ এটাৰ সৃষ্টি হৈ আহিছে শুদ্ধ ভাষাত পবিত্ৰ জ্ঞানমন্দিৰৰ কাষত৷
এই অভাৱনীয়, অশোভনীয় কাৰ্য দেখিও কিন্তু নীৰৱ বিদ্যালয় কৰ্তৃপক্ষ, নাগৰিক সমাজ, ছাত্ৰ সমাজ, গাতে লাগি থকা হয়বৰ থানা কৰ্তৃপক্ষ৷ কিয় নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি আহিছে এই সকলে সেয়াহে সঁচা অৰ্থত ৰহসাজনক, লাখটকীয়া প্ৰশ্ন৷ ভাৰতৰ মাননিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ “স্বচ্ছতা” অভিযানে বিশ্ব সমুদয়ক প্ৰভাম্বাৱিত কৰিছে, সকলোৱে অনুকৰন কৰিছে এই আঁচনি প্ৰয়োগত৷ দুৰ্ভাগ্য আমাৰ ঐতিহ্যমণ্ডিত নগাঁও চহৰৰ লোক সকলৰ চকু মেল খোৱাব পৰা নাই৷ য’ত নেকি চহৰখনৰ, মান মৰ্যাদাও জড়িত হৈ আছে ইয়াৰ লগত৷ প্ৰতিবাদ নাই, সজাগতা নাই কোনো চিন্তা-চৰ্চাও৷ নগাঁও পৌৰ সভাৰ “ডাষ্টবিনৰো” অভাৱ যাৰ কাৰণে মুক্তভাৱে, সিঁচৰিত হৈ পৰি থাকে গেলা-পচা বোৰ৷ আমি ভাৱো চহৰৰ পৌৰ সভাই অনতি পলমে চহৰৰ অন্যঠাইত আৱৰ্জনা সমূহ পেলোৱাৰ ব্যৱস্থা কৰি বিদ্যলয় খনৰ পবিত্ৰতা, অনুকূল পৰিৱেশ এটা ঘূৰাই অনাৰ কাৰণে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰক৷