চন্দ্ৰবিন্দু — বন্দিতা শৰ্মা কন্দলী

চন্দ্ৰবিন্দু

অসমীয়া বৰ্ণমালাই ৰাজ্যিক ভিত্তিত এখন ৱেবেনাৰ পতাৰ সিদ্ধান্ত লয়। সেই মৰ্মে অ-ফলা ,ক-ফলা সকলোৱেই নিজৰ নিজৰ স্মাৰ্ট ফোনৰ যোগেদি নিদিষ্ট সময়ত সভাত অংশগ্ৰহন কৰিলে। অ-ই অনুষ্ঠান টো মুকলি কৰি আ-ক আদৰণি ভাষণ প্ৰদান কৰিবলৈ কয়। তেনেতে প-ই প্ৰথমে সকলোকে প্ৰটʼকল ৰক্ষা কৰি সভাৰ কাম-কাজ আগবঢ়োৱা ত গুৰুত্ব আৰোপ কৰে। বৰ্ণমালা গোটৰ সদস্য সকলৰ মাজত কোনো কোনোৱে ‘প্ৰটʼকলʼ শব্দ ৰ অৰ্থ বুজি নাপালে যদিও সভাৰ আলেখ লেখ চাই থাকিল। বৰ্ণমালা ৰ প্ৰথম শ্ৰেণীৰ সদস্য হিচাপে অ-ফলা ই প্ৰথম তেওঁলোকৰ মন্তব্য আগবঢ়াবলৈ সুবিধা লাভ কৰিলে। সভাৰ কাম-কাজ প্ৰথমে সুচাৰুৰূপে আগবাঢ়িছিল যদিও অ-ফলা শেষ হোৱাৰ কিছু সময়ৰ পাছত মাত মতা ৰ সুবিধা লৈ ৰ-ই “প্ৰটʼকল ৰক্ষা” নাই হোৱা বুলি অভিযোগ তোলে।চেগ বুজি চ-ই “প্ৰটʼকল ৰক্ষা”ৰ অৰ্থ কোনে জানে বুজাই দিবলৈ অনুৰোধ জনালে। ক-ফলা ৰ ক্ষমতাশালী বৰ্ণ ক্ষ-ই সাউৎ কৈ (ভিডিঅ’টো কাটি )আগষ্ট মাহৰ মৌচাক আলোচনীখনৰ পৰা গাই গ’ল “পদৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰোঁতে পদটোৰ যাতে মৰ্যাদা হানি নহয় তালৈ লক্ষ্য ৰখা কথাটোৱে ই হৈছে “প্ৰটʼকল ৰক্ষা” ।
প্ৰটʼকলৰ গূঢ়াৰ্থ জানিবলৈ পাই চন্দ্ৰবিন্দু থিৰেৰে থাকিব নোৱাৰিলে, কথা ক’ব পৰা বুটামটো টিপি কʼলে ,শুনাঁ সকলোৱে ‘আমি অসমীয়া বৰ্ণমালা ৰ শেষৰ বৰ্ণ হ’লেও আমাৰ গুৰুত্ব কম নহয়। শব্দ ৰ আৰম্ভ বা স্বতন্ত্ৰভাৱে যদিও নাথাকো তথাপিও আমি কাৰো তলতীয়া নহওঁ। আখৰৰ ওপৰত হে আমি বহোঁ।স্বৰচিহ্ন ৰ ওপৰত অৰ্থাৎ আ-কাৰ,ই-কাৰ আদিৰ ওপৰত নবহোঁ।
ক-ফলা ৰ গাম্ভীৰ্য ৰক্ষাৰ্থে ক-ই মাত মাতিলে – নাসিক্য ধ্বনি (নাকৰ পৰা উচ্চাৰণ হোৱা)বহন কৰা চন্দ্ৰবিন্দু ঙ, ঞ, ণ,ন আৰু ম এই অনুনাসিক(নাকৰ সহায়ত উচ্চাৰিত বৰ্ণ) বৰ্ণ কেইটাৰ ওপৰত নবহে।নাকেৰে বায়ু বাহিৰ ওলাই বাবেই ম,ন,ণ,ঞ,ঙ নাসিক্য ধ্বনি।নাসিক্য ধ্বনি লোপ পাই চন্দ্ৰবিন্দু ৰ প্ৰয়োগ হ’লে তাক অনুনাসিক বোলে। ʼ নʼ আৰু ‘ণʼ লুপ্ত হৈ অনুনাসিক হোৱাৰ উদাহৰণ হৈছে দন্ত —দাঁত,ওণ্ঠ —-ওঁঠ;আদি।ঙ–বৰ্ণ লোপ হৈ অনুনাসিক হোৱাৰ উদাহৰণ হৈছে–হংস–হাঁহ,বাংশী— বাঁহী আদি। চন্দ্ৰবিন্দুযুক্ত বৰ্ণ টো উচ্চাৰণ ৰ সময়ত অলপ নাকেৰে,অলপ মুখেৰে বায়ু প্ৰবাহিত হয়। চন্দ্ৰবিন্দু অকলে উচ্চাৰণ কৰিব নোৱাৰি আৰু শব্দৰ বিশ্লেষণত পৃথকে দেখুৱাব নোৱাৰি। সেয়ে চন্দ্ৰবিন্দু ক উপাহিত বৰ্ণ বা অখণ্ডনীয় বৰ্ণ বোলে। নেওগ উপাধি,নেওতা আদিত চন্দ্ৰবিন্দু ৰ প্ৰয়োজন নাই। চন্দ্ৰবিন্দু ৰ প্ৰয়োগে শব্দৰ অৰ্থ সলনি কৰিব পাৰে।যেনে কাহ (ডিঙি সুৰ সুৰা ই হোৱা কাহ) — কাঁহ (এবিধ সংকৰ ধাতু), বটা (তামোল দিয়া বটা)— বঁটা (পুৰস্কাৰ)আদি। বিশেষ্য পদৰ ক্ষেত্ৰত গাঁৱত,গাঁও হয়; ক্ৰিয়া পদ হ’লে গাওঁ,যেনে গান গাওঁ । গাঁৱলৈ যাওঁ। ধাতু ৰ লগত যোগ হোৱা ‘ও’ ‘ওঁ’ লৈ সলনি হয়।যেনে খাওঁ,লিখোঁ,নাচোঁ আদি। সেইদৰে ধাতু ৰ লগত যোগ হোৱা ‘ইলো’, ইলোঁ হয়,যেনে পঢ়িলোঁ, কৰিলোঁ আদি। ধাতু ৰ লগত যোগ হোৱা ‘ইছিলো’ ‘ইছিলোঁ’ হয়।যেনে খাইছিলোঁ, একেদৰে ইলোহেঁতেন ʼ ইলোঁহেঁতেন হয়।যেনে পঢ়িলোঁহেঁতেন। কোনো কাম কৰোঁতা বুজুৱা শব্দ ত চন্দ্ৰবিন্দু দিব লাগে।যেনে খেলোঁতা,নিওঁতা,কৰঁতী আদি।মধ্যম পুৰুষৰ কৰ্তাপদ মান্য অৰ্থত অনুৰোধসুচক ক্ৰিয়া পদত চন্দ্ৰবিন্দু নবহে।যেনে —- কওক, খাওক আদি। ʼভাষাবিদ সকলে বহু কথাই কৈ গৈছে, মই কেইটামান কথা হে উনুকিয়াই দিছোঁ ʼবুলি কৈ ক-ই তেওঁৰ কথা ক’ব পৰা বুটামটো কাটি দিলে। ক-ৰ বক্তব্য ত চন্দ্ৰবিন্দু উৎসাহিত হৈ সকলোকে ধন্যবাদ জনালে। অ-ই সভাখন সফল কৰি তোলাৰ বাবে
বৰ্ণমালা গোটৰ সদস্য সকলৰ শলাগ লৈ সভা ভংগ কৰে।
বন্দিতা শৰ্মা কন্দলী