চক্ৰবৃদ্ধি সুত – বিশ্বৰ অষ্টমটো আশ্চৰ্য্য ! -কৌশিক চক্ৰৱৰ্ত্তী

চক্ৰবৃদ্ধি সুত – বিশ্বৰ অষ্টমটো আশ্চৰ্য্য !

Compound interest is the eight wonder of the world. He who understands it , earns it … he who doesn’t … pays it – Albert Einstein
আজিৰ পৰা প্ৰায় বাইছ বছৰ আগৰ কথা। আমি তেতিয়া চাকৰিত নতুনকৈ যোগ দিছিলো। আমাৰ এজন বিজ্ঞানৰ শিক্ষক আছিল। তেখেতৰ বিত্তীয় বুদ্ধিমত্তা সাধাৰণ লোকতকৈ অলপ বেছি আছিল। তেখেতে এদিন কলে – বেংকত এটা ১০০০ টকীয়া ৰেকাৰিং একাউন্ট খুলি ল , দহ বছৰৰ বাবে। দহ বছৰ পাছত দেখিবি বেংকত তই ১,২০,০০০ টকা দিছ আৰু বেংকে তোক ১,১০,০০০ টকা সুত দিছে। কিন্তু এটা কথা মনত ৰাখিবি ৫ বছৰ পাছত এই একাউন্টটো বন্ধ কৰি আন এটা একাউন্ট ৫ বছৰৰ কাৰণে খুলিলে কিন্তু ইমানখিনি সুত নাপাবি, কাৰণ তেতিয়া তই চক্ৰবৃদ্ধি সুতৰ লাভৰ পৰা বঞ্চিত হবি।
এতিয়া কথা হ’ল – চক্ৰবৃদ্ধি সুত কি ? যদি এজন মানুহে ১,০০,০০০ টকা ৫ বছৰৰ বাবে বেংকত জমা থয় আৰু তেওঁক বছৰি ১০ % হাৰত সৰল সুত ( simple interest ) দিয়া হয় ; তেতিয়া ৫ বছৰ পাছত তেওঁ পাব ১,৫০,০০০ টকা। যদি একেজন মানুহক চক্ৰবৃদ্ধি সুত ( compound interest) দিয়া হয়, তেতিয়া পাছ বছৰ পাছত তেওঁ পাব – মূল – ১,০০,০০০ + প্ৰথম বছৰৰ সুত- ১০,০০০ + দ্বিতীয় বছৰৰ সুত – ১১,০০০ + তৃতীয় বছৰৰ সুত- ১২,১০০ + চতুৰ্থ বছৰৰ সুত- ১৩,৩১০ + পঞ্চম বছৰৰ সুত- ১৪,৬৪১ মুঠ- ১,৬১,০৫১ টকা গতিকে দেখা গ’ল চক্ৰবৃদ্ধি সুত দিয়া বাবে পাছ বছৰ পাছত মানুহ জনে বছৰি ১২% তকৈ বেছি বাৰ্ষিক সুত ( annualized return ) পাবলৈ সক্ষম হ’ল। ওপৰৰ উদাহৰণটোত আমি বছৰেকীয়া চক্ৰবৃদ্ধি হিচাব কৰিছো, কিন্তু বেংকৰ fixed deposit ত ত্ৰিমাহিক চক্ৰবৃদ্ধি হয়। গতিকে দীঘলীয়া সময়ৰ কাৰণে fixed deposit কৰিলে আমাৰ বাৰ্ষিক আয় ইয়াতকৈও বেছি হব বুলি আশা কৰিব পাৰি।
কিন্তু আচল সমস্যাটো হ’ল- চক্ৰবৃদ্ধি সুতৰ ধাৰণাটো দুইফালে ধাৰ থকা তৰোৱালৰ দৰে। বেংকে fixed deposit ত চক্ৰবৃদ্ধি সুত দিয়ে সঁ‌চা , কিন্তু ঋণ দিয়াৰ সময়তো তেওঁলোকে গ্ৰাহকৰ পৰা চক্ৰবৃদ্ধি সুত আদায় কৰে। ধৰা হ’ল এজন মানুহে এটা ৩০ লাখ টকাৰ গৃহ ঋণ ললে। যদি সুতৰ হাৰ ৯% আৰু ঋণটোৰ ম্যাদ ২০ বছৰ হয় , তেতিয়া তেওঁ ২০ বছৰৰ ভিতৰত বেংকক দিবলগীয়া টকাৰ পৰিমাণ হ’ব – মূল – ৩০,০০,০০০ টকা সূত- ৩৪,৭৮,০২৭ টকা মূঠ- ৬৪,৭৮,০২৭ টকা কিন্তু একেখিনি টকা যদি তেওঁ ১০ বছৰৰ ভিতৰত ঘূৰাই দিয়ে তেতিয়া তেওঁ বেংকক দিবলগীয় টকাৰ পৰিমাণ হ’ব – মূল – ৩০,০০,০০০ টকা সূত – ১৫,৬০,৩২৮ টকা মূঠ- ৪৫,৬০,৩২৮ টকা পাৰ্থক্যটো আপুনি নিজে বুজি পালে । গতিকে বেংকত ধৈৰ্য্য সহকাৰে দীঘলীয়া সময়ৰ বাবে টকা জমা থলে লাভান্বিত হ’ব পাৰি আৰু ধৈৰ্য্যহীন হৈ সোনকালে ঋণ ঘূৰাই দিলে তাৰ পৰাও লাভান্বিত হ’ব পাৰি- এয়াই হৈছে চক্ৰবৃদ্ধি সুতৰ মহিমা।
চক্ৰবৃদ্ধি সুতৰ ধাৰণাটোত তিনিটা গুৰুত্বপূৰ্ণ উপাদান আছে। সুতৰ হাৰ, ধন ৰাশি আৰু সময়। সুতৰ হাৰ চৰকাৰী নীতি আৰু বজাৰৰ ওপৰত নিৰ্ভৰশীল । এক বৃহৎ ধনৰাশি জমা ৰাখিবলৈ সকলো সময়তে আমাৰ হাতত ধন নাথাকিব পাৰে; কিন্তু জমা ধনৰাশি কিমান দিনৰ বাবে জমা ৰাখিম – এই কথাটো ভালেখিনি আমাৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে।
গোটেই জীৱন বিজ্ঞানৰ ৰহস্যময় জগত খনত বিচৰণ কৰি ফুৰাৰ পাছতো আইনষ্টাইনৰ দৰে বিজ্ঞানীয়ে বিশ্বৰ অষ্টমটো আশ্চৰ্য্য চক্ৰবৃদ্ধি সুতৰ মাজতহে বিচাৰি পাইছিল। গতিকে আমাৰ ব্যৱহাৰিক জীৱনত এই ধাৰণাটোৰ গুৰুত্ব কিমান নিজে বিচাৰ কৰি চাওক।
এতিয়াও যদি কাৰোবাৰ মনত চক্ৰবৃদ্ধি সুতৰ শক্তি সম্বন্ধে কিবা সন্দেহ আছে তেখেত সকলক ঘৰত কৰিবলৈ এটা কাম দিলো। বছৰটোৰ যিকোনো এটা মাহ নিৰ্বাচন কৰক। মাহটোৰ প্ৰথম দিনটোত আপুনি ১ টকা জমা কৰক। দ্বিতীয় দিনটোত ২ টকা জমা কৰক। তৃতীয় দিনটোত ৪ টকা জমা কৰক। এনেকৈ দিনে ১০০% হাৰত টকাৰ পৰিমাণ বৃদ্ধি কৰক। কিছুদিন এই কামটো কৰিলেই আপুনি চক্ৰবৃদ্ধিৰ শক্তিৰ উমান পাই যাব। যদি এই কামটো এমাহ ধৰি কৰিব পাৰে, আপুনি গম নোপোৱাকৈ হয়তো আপুনি হৈ যাব পাৰে অন্যতম ধনী ব্যক্তি।