ঘোষণা হ’ল ADRE 2.0-ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল ADRE 2.0-ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা কৰা হ’ল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অৰ্থাৎ ADRE 2.0ৰ প্ৰথম পৰ্যায়, লিখিত পৰীক্ষাৰ ফলাফল। ৭ মাৰ্চ, ২০২৫ শুকুৰবাৰে নিশা ১২ বজাত অফিচিয়েল ৱেৱচাইডত প্ৰকাশ কৰা হয় ADREৰ ফলাফল ।  অনলাইনযোগে প্ৰকাশ পালে ADRE 2.0ৰ ফলাফল। এপ্লিকেচন নম্বৰ আৰু পাছৱৰ্ড দি প্ৰাৰ্থীয়ে চাব পাৰিব ফলাফল। www.site.sebaonline.org  আৰু www.assam.gov.in-ত উপলভ্য ফলাফল।অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) ২০২৫ৰ অধীনত মুঠ ১২,৬৭৩টা পদৰ বাবে অনুষ্ঠিত হৈছিল এই লিখিত পৰীক্ষা। তৃতীয় বৰ্গৰ ৭,৬৫০টা আৰু চতুৰ্থ বৰ্গৰ ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা।তৃতীয় শ্ৰেণীৰ বিভিন্ন শ্ৰেণীৰ পদত প্ৰায় ১৮.৫০ লাখ আৰু চতুৰ্থ শ্ৰেণীৰ বিভিন্ন পদৰ বাবে ১৩.৭০ লাখ পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল। এতিয়া ৭ মাৰ্চত ঘোষণা কৰা হৈছে ইয়াৰ লিখিত পৰীক্ষাৰ ফলাফল।  এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।  ADRE 2.0ৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। তাৰপাছত নথি-পত্ৰৰ প্ৰামাণিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছতহে প্ৰাথীজন চূড়ান্ত নিযুক্তিৰ বাবে বিবেচিত হ’ব। এইসমূহ পৰ্যায়ৰ বিষয়ে সবিশেষ নিযুক্তি ব’ৰ্ডে পৰৱৰ্তী সময়ৰ ৱেবছাইটযোগে অৱগত কৰিব। উল্লেখ্য যে,  ২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) । ছেপ্টেম্বৰ মাহৰ ১৫ আৰু ২৯ তাৰিখে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ স্নাতক আৰু দশম শ্ৰেণীৰ পৰ্যায়ৰ পৰীক্ষা । চতুৰ্থ বৰ্গৰ পেপাৰ-১ (HSLC) আৰু পেপাৰ-২ (অষ্টম শ্ৰেণীলৈকে) ৰ পৰীক্ষা অনুষ্ঠিত হয় ২৭ অক্টোবৰত । এই পৰীক্ষাত উত্তীৰ্ণসকল নিযুক্তিৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হ’ব । লিখিত পৰীক্ষাত উত্তীৰ্ণসকলক দক্ষতা পৰীক্ষণৰ বাবে বাচনি কৰা হ’ব । যিটো তথ্য-পাতি পৰীক্ষণৰ দ্বাৰা সম্পন্ন কৰা হ’ব ।