গৰৈমাৰী আঞ্চলিক বহাগী উৎসৱ উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ ছয়গাঁৱ সমষ্টিৰ “গৰৈমাৰী আঞ্চলিক বহাগী উৎসৱ” উদযাপন সমিতিৰ সৌজন্যত যোৱা ১৪ মে’ত গৰৈমাৰী টাউন ক্লাৱ খেলপথাৰত বৰ্ণিল কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপন কৰে ৷ পুৱা গৰৈমাৰী আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি আনোৱাৰ হুছেইনে বহাগী উৎসৱৰ পতাকা উত্তোলন কৰাৰ পিছতেই পূৱ ছমৰীয়া আৰু গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মহিৰুল হক আৰু সাধাৰণ সম্পাদক আমিনুল হকে শ্বহীদ তৰ্পন কৰে ৷ তাৰ পিছতেই বিশিষ্ট সমাজকৰ্মী ডা: ফজলুল হক চৌধুৰী, আনন্দিৰাম কলিতা, বিমল তপাদাৰ, ৰবিন্দ্ৰ নাথ সাহাই বৃক্ষৰোপন কৰে ৷ দিনৰ ১১ বজাত গৰৈমাৰী আঞ্চলিক বহাগী উৎসৱত আয়োজন কৰা বিভিন্ন খেল ধেমালী প্ৰতিযোগীতা উদ্বোধন কৰে আন্ত:ৰাষ্ট্ৰীয় নাও খেলুৱৈ বিউটি কলিতাই ৷ দিনৰ ১ বজাত প্ৰায় ৩২ টা বিহু নাচনীয়ে বিহু নাচ প্ৰতিযোগিতাত অংশ লয় ।সন্ধিয়া উদযাপন সমিতিৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বহাগী উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি আজিজুৰ ৰহমান চৌধুৰীৰ সম্পাদনাত প্ৰকাশ কৰা মুখপত্ৰ ’ লুইতৰ চাপৰি’ উন্মোচন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড°নগেন কলিতাই ৷ সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা কবি-সাহিত্যিক দীপক শৰ্মাই অংশ লৈ কয়- “আজি গৰৈমাৰীৰ পৰা অসমলৈ এক ইতিবাচক বাৰ্তা গ’ল । সৰহভাগ ইচলামধৰ্মীলোকে উদযাপন কৰিলে বহাগী উৎসৱ । শিক্ষাবিদ, সংগঠক দোস্ত হবিবুৰ ৰহমানৰ নেতৃত্বত আয়োজিত এই অনুষ্ঠানে এদিন নতুন মাত্ৰা পাব ।” অনুষ্ঠানত বিশিষ্ট লোকশিল্পী তথা সাংবাদিক সুকুমাৰ মেধীয়ে অংশ লৈ সংস্কৃতিৰেহে সমাজ এখন আগুৱাই নিব পাৰে বুলি কয় । সভাত যুৱ সমাজকৰ্মী ইফতিকাৰ হুছেইন, চাম্পুপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সৰবত আলী আহমেদ, গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমান প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লয় । সভাত গৰৈমাৰী আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আব্দুছ ছালাম, আফজালুৰ ৰহমান, সা: সম্পাদক পিংকু কলিতা, উপদেষ্টা ছাইফুল ইছলাম, অভ্যৰ্থনা সমিতিৰ সভাপতি ছহিদুৰ ৰহমান, কাৰ্যযকৰী সভাপতি তছিৰ উদ্দিন আহমেদ সা: সম্পাদক মহিদুল ইছলাম উপস্থিত আছিল । ইয়াৰ পিছতে সাংস্কৃতিক মঞ্চ মুকলি কৰে ডি ৱাই ৩৬৫ৰ সাংবাদিক স্নীগ্ধা শিখা বৰা আৰু সমাজসেৱী চেলিমূল ইছলামে । অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী ময়ুৰী দত্ত, ৰুহুল আমিন লগতে বাৰেৰহণীয় অনুষ্ঠান পৰিৱেশন কৰা হয় ।