গৰু বিহু- স্বৰগম কিশোৰ শৰ্মা 

গৰু বিহু

এখন গাঁৱত ৰমেন আৰু ৰিক্‌লু নামৰ দুজন নলে – গলে লগা বন্ধু আছিল ৷ সিহঁত দুয়োটা একেখন বিদ্যালয়ৰ একে শ্ৰেণীত পঢ়িছিল | ৰিক্‌লুহঁত যেতিয়া পঞ্চম শ্ৰেণীলৈ পাইছিল তেতিয়া সিহঁতৰ এৰা – এৰি হৈছিল ৷কাৰণ ৰিক্‌লুৰ দেউতাক এজন চৰকাৰী চাকৰিয়াল আছিল সেই সূত্ৰে তেওঁলোক অসমৰ বাহিৰলৈ যাব লগীয়া হৈছিল ৷ কিন্তু ৰমেনহঁতে ইজনে – সিজনৰ খবৰ লৈ থাকে ৷ এদিন ৰমেনে ৰিক্‌লুহঁতক গাঁৱলৈ মাতিলে |

দুবছৰৰ মানৰ পাছত বিহুৰ বন্ধত ৰিক্‌লুহঁতৰ পৰিয়ালটো অসমৰ গাঁও পালেহি ৷ তেওঁলোকক দেখি ৰমেনৰ আনন্দত তৎ নাই ৷ ৰিক্‌লুৱে আহি দেখিলে যে ৰমেনে গোহালিত গৰুক মাহ – হালধি সানি পানীয়ে গা ধুৱাইছে ৷ সি গৈ ৰমেনক সুধিলে – “ ৰমেন তুমি কি কৰিছা ” ? ৰমেনে ক’লে – “ চোৱা আজি গৰু বিহু ৷ গৰু বিহুৰ দিনা গৰুক মাহ – হালধিৰে গা ধুৱাই ৷ তাৰ পাছত চাট মানে বাঁহৰ কামি এডালত তিনিটা আঙুলি দৰে বনাই তাত লাও , কেৰেলা , থেকেৰা , বেঙেনা , হালধি সিঁ “ লাও খা – বেঙেনা খা বছৰে বছৰে বাঢ়ি যা , মাৰ সৰু বাপেৰ সৰু তই হবি বৰ – বৰ গৰু ” ৷ বুলি কৈ এইবোৰ সিহঁতৰ গালৈ মাৰে ৷ তাৰ পাছত গৰু চৰিবলৈ পঠিয়াই দিয়ে আৰু উভতি অহাৰ আগতে লাও পিচি তাত পিঠা গুড়ি আৰু গুৰ সানি পিঠা বনাই খৱাবলৈ সাজু কৰি থয় | তাহাঁতক দীঘলতি পাত আৰু মাখিয়তী পাতে কোবোৱা হয় | লোক বিশ্বাস মতে এনে কৰিলে ম’হ – মাখি – ডাঁহ আদিয়ে দিগদাৰ কৰিব নোৱাৰে |

সন্ধ্যা জপনা আৰু গোহালিৰ সন্মুখত এটি জাগ তৈয়াৰ কৰা হয় | তাত ফলা তুঁহ , বিহলগনী , ধান খেৰ আৰু লাইজাবৰিৰ লগতে তাত মাখিয়তী পাত আৰু দীঘলটি পাতো দিয়ে | সেইদিনা তৰা পঘা মাহ – হালধি দি ধুৱাই গৰুক পিন্ধাবলৈ তৈয়াৰ কৰি থৈ যাতে গৰু আহিলে পিন্ধাই দিব পাৰে | সেইদিনা মানুহে ১০৮ বিধ শাক খোৱা নিয়ম আছে | লোক বিশ্বাস মতে নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ চালত থৈ দিলে বৰদৈশিলা , শিলাবৃষ্টি আদিৰ পৰা ৰক্ষা পায় “|

“কালিলৈ আকৌ মানুহ বিহু | ৰাতিপুৱা আমি সোনকালে উঠি মাহ – হালধি দি গা ধুই নতুন সাজ পন্ধি বিহুৱান লৈ সৰুৱে ডাঙৰক সেৱা জনায় জা – জলপান , পিঠা – পনা খাই ৰং – ৰহইচ কৰে | বিহু আমাৰ অসমৰ জাতীয় উৎসৱ | এই বিহুৰ কথা কৈ শেষ নহয় ৰমেনে ক’লে | তেতিয়া ৰিক্‌লুয়ে ক’লে – তোমাৰ পৰা মই বহুত কথা শিকিলো | তাৰ পাছত দুয়োকে মাকে ভিতৰলৈ জলপান খাবলৈ মাতিলে |

   স্বৰগম কিশোৰ শৰ্মা  

                 সপ্তম শ্ৰণী |