গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা ১০৮গৰাকী গীৰ গাই পালেহি অসম
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটিত সূচনা হ’ব কৃষি বিপ্লৱৰ।গৰুখুটিৰ বেদখলমুক্ত ভূমিত আৰম্ভ হ’ব কৃষি বিপ্লৱ।গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা হৈছে গীৰ গাই।১০৮গৰাকী গীৰ গাই আহি পাইছে অসম।গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে আনিবলগা ২০০০জনী গীৰ গাইৰ ভিতৰত ১০৮গৰাকী গীৰ গাই বৃহস্পতিবাৰে পুৱাই পালেহি অসম।প্ৰথম পৰ্যায়ত ১০৮গৰাকী গীৰ গাই ৰেলযোগে ৰঙিয়াত পুৱাতে উপস্থিত হোৱাৰ পিছত এই সমূহ ট্ৰাকযোগে গৰুখুঁটিত প্ৰকল্পত নিৰ্মাণ কৰা দুগ্ধ পামলৈ নি থকা হৈছে।গাইসমূহৰ তদাৰকৰ বাবে গুজৰাটৰ পৰা ৬জন বিশেষজ্ঞসহ মুঠ ১৬জন কৰ্মীও গৰুখুঁটিলৈ আহিছে।প্ৰথম পৰ্যায়ত ৫০০গৰাকী গীৰ গাই অসমলৈ অনা হব।অসম চৰকাৰে এদিনত ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে।গৰুখুটিয়ে ৩ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য হিচাপে লৈছে।এই গৰুখুটি প্ৰকল্পতে মাছ, মাংস, কণী, হাহ, কুকুৰা,পাৰ, গাহৰি সকলো উপলব্ধ হ’ব।২৭ নৱেম্বৰত গৰুখুটি প্ৰকল্পলৈ আহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্ৰীগৰাকীয়ে ধলপুৰৰ উচ্ছেদিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে বুজ ল’ব।