গৰুখুঁটি কৃষি প্ৰকল্পত নতুনকৈ পোৱালিসহ তিনিশ বিশজনী গিৰ গাই

pc The Janambhumi

গৰুখুঁটি কৃষি প্ৰকল্পত নতুনকৈ পোৱালিসহ তিনিশ বিশজনী গিৰ গাই

ৰঙিলী বাৰ্ত্তাসেৱা- তিনিশ গিৰ গাইৰে গৰুখুঁটি কৃষি প্ৰকল্পত নতুনকৈ সংযোজন ঘটিল। গুজৰাটৰ পৰা ৰে’লেৰে আনি থকা অৱস্থাতেই বিশজনী গায়ে পোৱালি জগোৱাৰ ফলত প্ৰকল্পৰ গোশালা শুৱনি কৰিলেহি পোৱালিসহ তিনিশ বিশজনী গিৰ গায়ে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ প্ৰকল্প হিচাপে পৰিচিত গৰুখুঁটি বহুমুখী কৃষি প্রকল্পত বিভিন্ন জৈৱিক পাচলিৰ উপৰি দুগ্ধ উৎপাদনৰ বাবে এখন গোশালাও স্থাপন কৰা হৈছিল। গুজৰাটৰ উন্নতমানৰ গিৰ গাইৰে সমৃদ্ধ এই গোশালাৰ বাবে বিগত বৰ্ষৰ ২৫ নৱেম্বৰত প্ৰথমবাৰৰ বাবে সংযোজন হৈছিল পোৱালিসহ ১১১টি গিৰ গাই। গুজৰাটৰ পৰা ৯৮টা গাভিনী গাই আনি থকা অৱস্থাতে ৰে’লতে তেৰজনীয়ে পোৱালি জগোৱাৰ ফলত সংখ্যা হৈছিল ১১১। দ্বিতীয় পৰ্যায়ত আৰু কেইটামান গাইৰ সংযোজন হোৱাত গাইৰ সংখ্যা ১২৩লৈ বৃদ্ধি পোৱাৰ লগতে পোৱালিৰ সংখ্যা হৈছে ৭৬টা।