গৰুখুঁটিৰ বালিচৰৰ পৰা আৰম্ভ কৰা সেউজ বিপ্লৱে লাভ কৰে এক অইন মাত্রা
অনলাইন বাৰ্ত্তাসেৱা – বিধায়ক পদ্ম হাজৰিকা নেতৃত্বাধীন চৰকাৰী কৃষি সমিতিয়ে গৰুখুঁটিৰ বালিচৰৰ পৰা আৰম্ভ কৰা সেউজ বিপ্লৱে যেন লাভ কৰিলে অইন মাত্রা। প্রথম পৰ্যায়ত ৰোপণ কৰা শাক পাচলি উলিয়াই দিয়া হ’ল বজাৰলৈ। গৰুখুঁটি কৃষি প্ৰকল্প’ৰ উৎপাদিত শাক-পাচলিৰ বিপণন প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। কৃষি সমিতিৰ সদস্য তথা ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে গৰুৰ্খটিত ফিতা কাটি আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জৈৱিক শাক-পাচলিৰ ভ্ৰাম্যমাণ বিক্রী কেন্দ্ৰটো। নিজৰ বক্তব্যত বিধায়কগৰাকীয়ে আজি প্ৰথম পৰ্যায়ত কেৱল স্থানীয়ভাৱে বিক্ৰীৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰিলেও পৰৱৰ্তী সময়ত গুৱাহাটী মহানগৰী আৰু সমগ্ৰ অসমৰ বজাৰ দখলৰ লক্ষ্য বান্ধি লোৱা বুলি প্ৰকাশ কৰে। আহিনৰ বানে কৃষিকার্যত কিছু প্রতিবন্ধকতা সৃষ্টি কৰিলেও বান পৰিস্থিতি কমাৰ পাছতে পূর্ণোদ্যমে কাম আৰম্ভ হৈছিল চৰকাৰী কৃষি প্ৰকল্পই। কৃষি সমিতিৰ অধ্যক্ষ তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই মুখ্যমন্ত্ৰীৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত যেন কোনো কৃপণালি কৰা নাছিল। সমান্তৰালভাৱে কৃষি সমিতিৰ সদস্য খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু স্থানীয় বিধায়ক তথা আন এগৰাকী সদস্য ড° পৰমানন্দ ৰাজবংশীয়েও প্ৰতিটো মুহূৰ্ততে চকু ৰাখিছিল গৰুখুঁটিৰ কৃষি প্ৰকল্পত। দৰং জিলা কৃষি বিষয়া জ্যোতিষ নাথ আৰু কৃষি প্ৰকল্পৰ ন’ডেল বিষয়া উদ্ধৱ ডেকাও উপস্থিত থাকে।