গৰীয়সী তুমি জননী
টেজেন হাজৰিকা
গহপুৰ
হে স্ৰোতস্বীনি…
তোমাৰ বোৱতী সুঁতিত বিশ্বই পখালিছে নিজক
তুমি জাহ্নৱী গংগা
মৰতৰ প্ৰেম সুধা
তুমি বীৰাংগনা
বীৰ পুৰুষৰ জন্মদাত্ৰী
তুমি ধাত্ৰী
তোমাৰ কোঁহে কোঁহে বিয়পি আছে ?
সত্য সুন্দৰৰ সাধনাৰ মন্ত্ৰ
তুমিয়েই পোহৰ পিয়াসী জনতাৰ কণ্ঠ ,
বজ্ৰৰ গর্জনেৰে মেদিনী কঁপাই
আনিব পাৰা শান্তিৰ পতাকা
ধৰালৈ নমাই
আছে সূৰ্য সম শক্তি তোমাৰ ,
ধৰণী কৰিব পাৰা শস্য শ্যামলা
সেউজীয়া সপোনৰ দলিচা বোৱাই
অফুৰন্ত কৰ্মশক্তিৰ চালিকা তুমি
মানৱী দেহাৰ ঐশ্বৰিক প্ৰতিমূৰ্তি
তুমি বিশ্বজনীন সত্বাৰ চিৰ নমস্য জননী
তোমাৰ চৰণ পূজাৰ বেদী
তোমাৰ পৰিচৰ্যা দেৱতাৰ নিৰ্মালি
যুগে যুগে তুমি পৰম ব্ৰহ্মৰূপী
আজি দুষ্টজনে কৰিছে অপমান
তোমাৰ গৰিমা কৰিছে ম্লান
পলে অনুপলে ধ্বংস কৰিছে
তোমাৰ শৌর্য-বীৰ্য আৰু মমতাৰ দান
হে নাৰী…
আজি মূৰ্তমান কৰা
তোমাৰ জ্যোতিৰ্ময়ী শক্তি
অন্যায় অবিচাৰ দুৰ্নীতিৰ বিৰুদ্ধে
সহস্ৰ হাতেৰে গঢ়ি তোলা দুৰ্ভেদ্য প্ৰাচীৰ
শান্তিৰ বাণীৰে সম্প্ৰীতিৰ গানেৰে
বিশ্বক বুজাই দিয়া
নাৰী তুমি অপৰাজিতা
যুগে যুগে শক্তিধাৰিণী
জীৱনৰ চাৰিওতা ৰূপতে
মমতাময়ী , কৰুণাময়ী
জীৱনদায়িনী…