গৰম দিনৰ স্বাস্থ্যৰ যতন সম্পৰ্কে প্ৰাথমিক চিকিৎসা – লখিমী শৰ্মা

PC - onmanorama
গৰম দিনৰ স্বাস্থ্যৰ যতন সম্পৰ্কে প্ৰাথমিক চিকিৎসা 
লখিমী শৰ্মা, যোৰহাট 
গৰমৰ  দিনত কমকৈ আহাৰ গ্ৰহণ কৰিব লাগে ।শৰীৰত বেছিকৈ চৰ্বি থাকিলে হৃদপিণ্ডই বেছিকৈ কাম কৰিব লগা হয়।গৰমৰ দিনত সহজে হজম নোহোৱা আহাৰ বেছিকৈ খাব নালাগে । কিন্তু গৰমৰ দিনত যদি ঘাম ওলাই যোৱাকৈ ব্যায়াম কৰে, বা জুইৰ ওচৰত বহু সময় ধৰি থাকে তেন্তে এই নিয়ম পালন কৰিব নালাগে । গৰমৰ দিনত মানুহৰ ভাগৰ বেছিকৈ লাগে।গৰমৰ দিনত অলংকাৰ পিন্ধিলে বহুতৰে এলাৰ্জি হোৱা দেখা যায়।পৰাপক্ষত অলংকাৰ আদি পৰিধান নকৰাই ভাল।গৰমৰ দিনত তেলত ভজা, জ্বলা মছলা দিয়া খাদ্য খোৱাৰ পৰিৱৰ্তে পইতা – ভাত, পিটিকা, চালাড, চাটনি আদি খালে স্বাস্থ্যসন্মত হয়।গৰমৰ দিনত পানী প্ৰচুৰ পৰিমাণে খোৱা উচিত।যিমান পাৰে ফল – মূলৰ ৰস, নেমু টেঙাৰ চৰবত, তৰমুজ আদি খোৱা কৰিব লাগে । অত্যাধিক গৰম লাগিছে ভাবি সঘনাই গা ধুব নালাগে । সঘনাই গা ধুই থাকিলে গৰমৰ দিনত বেমাৰ হোৱাৰ আশংকা থাকে। ক’ৰবালৈ ওলাই যোৱাৰ আগত মুখমণ্ডলত sunscreen ব্যৱহাৰ কৰিব লাগে। ৰ’দত ওলাই যোৱাৰ পৰত ছাটি আদি লৈ যোৱাৰ কথা মনত ৰাখিব লাগে।পানী সঘনাই খোৱা কৰিব লাগে, কুঁহিয়াৰ ৰস খোৱা কৰিব লাগে প্ৰস্ৰাৱৰ সমস্যা থকা সকলে, জণ্ডিচ হোৱা সকলে । দুপৰটেঙা পাত অলপমান মিচিৰি দি পিচি সেইখিনি খাব লাগে জণ্ডিচৰ সমস্যাত ভুক্তভোগী সকলে।গৰমৰ দিনত প্ৰায়ে দেখিবলৈ পোৱা ঘামচি হ’লে নেমুটেঙা লগাই দিয়াৰ সলনি ফাৰ্মাচিত উপলব্ধ ঘামচি, খৰ খজুৱতিৰ পাউদাৰ ব্যৱহাৰ কৰিব লাগে।গৰমৰ দিনত কপাহী কাপোৰ পৰিধান কৰিব লাগে । দৈনিক ব্যায়াম অথবা খোজকঢ়া কৰিলে বহুতো বেমাৰ – আজাৰৰ পৰা হাতসাৰিব পাৰি । খোৱা – বোৱাৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক হোৱা উচিত গৰমৰ দিনত বিশেষকৈ। মুখমণ্ডলত গৰমৰ দিনত দৈ, গাখীৰ, মচুৰ দাইল বটি লগোৱা, multani mitti, কেচা হালধীৰ ৰস আদি লগাব লাগে । গোলাপজলেদি মুখখন কেতিয়াও কপাহ দি চাফা কৰিব নালাগে।গোলাপজলত থকা কেমিকেলে চালখন নষ্ট কৰি তোলে।গৰমৰ দিনত মুখত পাউদাৰ লগাব নালাগে।খাদ্যগ্ৰহণৰ ক্ষেত্ৰত ৰাতি খোৱা খাদ্য কম পৰিমাণে খাব লাগে।গৰমৰ দিনত পৰিশ্ৰম কৰি ঘাম বোৰ বাহিৰলৈ ওলাই যাব দিব লাগে।ঘামবোৰ বাহিৰ হ’লে বেমাৰ বৃদ্ধি নাপায়।গৰমৰ দিনত যি টি খাই থকাৰ সলনি এনে কিছু খোৱা কৰিব লাগে যিয়ে নিকি শৰীৰটো সুস্থ কৰি ৰাখি স্বাস্থ্যটো ভালে ৰখাত সহায় কৰে।