গ্ৰাম্য পৰিবেশ, বাৰিষাৰ ৰোগ আৰু তাৰ প্ৰতিকাৰ- ডাঃ যুতিকা ওজা

Pc MFine

গ্ৰাম্য পৰিবেশ, বাৰিষাৰ ৰোগ আৰু তাৰ প্ৰতিকাৰ

ডাঃ যুতিকা ওজা
অধ্যাপিকা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

স্বাস্থ্যই পৰম ধন, স্বাস্থ্য ভালে থাকিলেহে জীৱনৰ সুখ পাব পাৰি, কবিৰ ভাষাও- অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ সচা কথা- গা ভালে থাকিলেহে শান্তিত থাকিব পাৰি৷ স্বাস্থ্য বুলিলে সৰলভাষাত নিৰোগী অৱস্থাকে স্বাস্থ্য বোলে৷ কিন্তু সেয়া হলেও ৰ্বত্তমান যুগৰ এজন লোক শাৰীৰিক, মানসিক তথা সামাজিক ভাৱে সুস্থ হ’লেও তেখেতক সম্পূৰ্ণ সুস্থ বুলি গন্য কৰা হয়৷ এটা কথা ঠিক যে শৰীৰ ভালে নাথাকিলে মনো ভাল নাথাকে৷ ৰোগত আক্ৰন্ত হ’লে কেৱল যে ৰোগীৰ হে কষ্ট হব এনে নহয় ৰোগীৰ লগতে ঘৰৰ বাকী সদস্য সকলোৰে বহুত কষ্ট তথা অসুবিধা হয়৷ আৰ্থিক দিশৰ কথাতো বেলেগেই, দেহা থাকিলেহে বেহা৷ স্বাস্থ্য ভাল থাকিলেহে কাম কৰিবলৈ মন যায় বা কামত মন দিব পাৰি৷ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হলে, ৰোগসমূহৰ প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ বাবে কেনে ধৰণৰ উপায় আছে বা কোন সময়ত এই ৰোগ হব পাৰে তাৰ বিষয়ে আগতীয়াকৈ জানিলে বহুত সুবিধা হয় ৷ দেখা যায় যে সময় সাপেক্ষে ৰোগৰ পাৰ্দুভাব কম বেছি হয়৷ শীতকালত কিছুমান ৰোগৰ পাৰ্দুভাব বেছি আৰু বাৰিষা কালত আন কিছুমান ৰোগৰ পাৰ্দুভাব বেছি৷ দেখা যায় যে বাৰিষা কালত হোৱা ৰোগসমুহ চহৰ অঞ্চলতকে গ্ৰম্য অঞ্চলত বেছিকে হয়৷ এনে সময়ত (বাৰিষা কালত) পানীৰ দ্বাৰা বা কীট পতংগ, মহ মাখি আদিৰ দ্বাৰা বিয়পা ৰোগসমূহ বেছিকৈ দেখা যায়, চহৰ অঞ্চলতকে গাঁও সমূহত বৰষু¸ণৰ বাবে বা বানপানীৰ বাবে খোৱা পানীৰ উৎস সহজে দুষিত হয় বা যতে ততে থকা আৱৰ্জনাৰ বাবে বিভিন্ন ৰোগে দেখা দিয়ে, গাঁওত এতিয়াও বহুতো মানুহে খাবৰ বাবে কুৱা, পুখুৰী বা নিজৰা আদিৰ পানী ব্যৱহাৰ কৰে, গতিকে বাৰিষা বৰষুণৰ বাবে এনে পানীৰ উৎস সমূহ দূষিত হোৱাৰ সম্ভাৱনা বেছি, সেইদৰে এই দূষিত পানী পৰিশোধন নকৰাকে খালে বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনাও বেছি৷
আমি সকলোৱে জীৱনৰ কোনাবা নহয় কোনাবা এটা সময়ত ডায়েৰিয়াৰ দ্বাৰা আক্ৰন্ত হৈছো৷ এই ৰোগ দূষিত পানী সেৱনৰ ফলত হয়৷ ইয়াৰ উপৰিও ডিচেণ্ট্ৰী, কলেৰা, হেপাটাইটিছ- এ, টাইফয়েড, বিভিন্ন প্ৰকাৰৰ পলু (ঘুৰনীয়া পলু, ফিটা পলু) ৰোগৰ কাৰণো এই দূষিত পানী সেৱন৷ সৰু ল’ৰা ছোৱালী ডায়েৰিয়াৰ দ্বাৰা সহজে আক্ৰান্ত হয় আৰু এই ডায়েৰিয়াই বৰ্ত্তমানো পাচ বছৰ বয়সৰ তলত শিশুৰ মৃত্যুৰ এক অন্যতম কাৰণ৷
অকল বাৰিষাৰ সময়তেই নহয়, সকলো সময়তে বিশুদ্ধ পানী খাব লাগে, মন কৰিব লগীয়া যে দেখাত পৰিস্কাৰ হলেই পানী বিশুদ্ধ নহবও পাৰে৷ আজিকালি পানী পৰিশোধন কৰিবলৈ বিভিন্ন আহিলা পোৱা যায়৷ তাৰ ভিতৰত ফিলটাৰ ব্যৱহাৰ কৰাতো বহুতকে দেখা যায়৷ বহুতে পানী গৰম কৰি লয়, বিশুদ্ধ পানী পাবলৈ হলে পানী উত্তলাই গৰম কৰিব লাগে, খোৱাপানীত উৎসসমূহত পানী নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ব্লিচিং পাউডাৰৰ দ্বাৰা সাধন কৰা উচিত, ইয়াৰ বাবে ওচৰৰ স্বাস্থ্যকেন্দ্ৰৰ পৰাও পৰামৰ্শ লব পাৰি৷ ঘৰৰ চৌপাশ পৰিস্কাৰ পৰিচন্ন হৈ থকা উচিত৷ চাব লাগে যাতে কোনো ধৰনৰ আৱৰ্জনাৰ দম ঘৰৰ ওচৰত নাথাকে, এই আৱৰ্জনাই কীট পতংগত উৎপত্তিৰ স্থল৷ বাৰিষা পানীত এই আৱৰ্জনা সিচৰিত হয় ফলত দু্‌ৰ্গন্ধৰ সৃষ্টি হোৱাৰ ওপৰিও বিভিন্ন ৰোগৰ উৎস হৈ পৰে৷ বহুতে সৰু লৰা ছোৱালীৰ পায়খানা ঘৰৰ ওচৰতে দলিয়াই দিয়ে তেনে কৰা উচিত নহয়৷ ঘৰৰ শৌচালয়তে পেলাব লাগে, বৰষুণৰ বাবে ঘৰৰ চৌপাশে পানীত ডোঙা ৰান্ধিব পাৰে, এই পানীৰ ডোঙাবিলাকত মহে কণী পাৰে, ফলত মহৰ সংখ্যা বৃদ্ধি পায়, সেইবাবেই বাৰিষাকালত মহৰ দ্বাৰা সংক্ৰমিত ৰোগসমূহ যেনে মেলেৰিয়া, ডেংগু, জাপানিজ এনকেফেলাইটিচ লগতে নতুনকৈ লাইম (Lyme Disease) জিকা ভাইৰাচ ৰোগ আদিৰ পদুৰ্ভাব বাঢ়ে৷ এটা সময় আছিল যেতিয়া মেলেৰিয়াই এক মহাপ্ৰলয়ৰ ৰূপ লৈছিল৷ এতিয়া মেলেৰিয়া ৰোগীৰ সংখ্যা কমিছে যদিও সম্পূৰ্ণ নিৰ্মূল হোৱা নাই ৷
সেইবাবে মহৰ কামোৰৰ পৰা পৰিত্ৰাণ পাবলৈ সন্ধিয়া ধূনা দিয়া আৰু ৰাতি আঠুৱা ব্যৱহাৰ কৰা অতি প্ৰয়োজন আজিকালি মহ মৰাৰ বাবে বজাৰত বেলেগ বেলেগ ধৰণৰ ৰিপেলেন, মহ মৰা ধুপ ব্যৱহাৰ কৰা হয়, সময়ে সময়ে চৰকাৰৰ দ্বাৰাও ৰাজহুৱা ভাবে ধোৱা দিয়াৰ (fogging) কৰা হয় ৷ বিশেষকে বাৰিষা আৰম্ভ হোৱাৰ আগতে এই ব্যৱস্থা লব লাগে ৷ আজিকালি ঔষধযুক্ত আঠুৱাও পোৱা যায় ৷ ঘৰৰ চৌপাশৰ লগতে ভিতৰখনো পৰিষ্কাৰ পৰিচন্ন কৰি ৰখাতো আমাৰ কত্তব্য, বাৰিষা বৰষুণৰ বাবে ঘৰৰ ভিতৰত নিগনি, এন্দুৰ, পইতাচোৰা আদিৰ সংখ্যা বৃদ্ধি পোৱা দেখা যায় ৷ বহু সময়ত নিগনিয়ে ঘৰৰ ভিতৰত গাত খান্দে, নিগনিয়ে কেৱল কাগজ বা কাপোৰহে কুটে এনে নহয়, বৰ্ত্তমান দেখা দিয়া ৰোগ লেপ্ত স্পাইৰচিচাৰো বাহক হল নিগনি৷ আক্ৰান্ত নিগনিৰ পেচাব হল এই ৰোগৰ উৎস৷ এই ৰোগৰ দ্বাৰা কুকুৰ, গাধ, ঘোৰা, জন্তুৰ পোৱালী আদিও আক্ৰন্ত হব পাৰে৷
বাহিৰৰ চৌপাশৰ লগতে ঘৰৰ ভিতৰখন যাতে সেমেকা নহয় তাৰ বাবে লক্ষ্য ৰখা উচিত৷ সঘনাই হোৱা বৰষুণৰ বাবে ঘৰৰ ভিতৰখন বিশেষকে কেচা মজিয়াৰ ঘৰখন চেচুক হলে তাত বিভিন্ন পোক-পৰুৱাই বাহ লব পাৰে আৰু বিভিন্ন বেমাৰৰ উৎসও হব পাৰে৷ পাকঘৰটো পৰিস্কাৰ কৰি ৰখাতো অতি জৰুৰী খোৱাবস্তুৰ দ্বাৰা যাতে কোনো ধৰণৰ ৰোগৰ সংক্ৰমণ নহয় তাৰ প্ৰতি চকু ৰখা উচিত৷ খোৱাবস্তু ভালদৰে পৰিপাটিক ৰাখিব লাগে আৰু ৰন্ধা বস্তু ঢাকনি দি ৰাখিব লাগে৷ পাকঘৰৰ অদৰকাৰী পেলনীয়া জাবৰ জোথৰ এটা ঢাকনি থকা পাত্ৰত থৈ গাত খান্দি তাতে পুতি থব লাগে, ইয়ে পিচলৈ পচন সাৰ হব৷ গ্ৰাম্য অঞ্চলত বহুতে ঘৰত গৰু, ছাগলী, কুকুৰা আদি পোহে বহুতে আকৌ ব্যৱসায় ভিত্তিত গাহৰিৰ ফাৰ্ম বা কুকুৰা ফাৰ্ম আদিও থাকে, জীৱজন্তু থকা এই ঘৰবোৰো পৰিস্কাৰ কৰি ৰখাতো আতি প্ৰয়োজন, বহুতে গোবৰ বা জন্তুৰ মলমূত্ৰ আদি দম কৰি ঘৰৰ কাষতে থয় ৷ সেয়া এটা সময়ত সিচৰিত হৈ পৰে আৰু বাৰিষাৰ পানীয়ে ইয়াৰ পৰাই বেমাৰৰ বীজানু বিয়পায় ৷ বহুতে আকৌ জন্তুবোৰৰ মল, (গোবৰ আদি) পেচাব আদি ওচৰৰ পুখুৰীত বা নলাত পেলাই দিয়ে ৷ তেনে কৰা উচিত নহয়৷ নিজৰ ব্যক্তিগত চাফ-চিকুনতাও অতি দৰকাৰী৷ পৰিস্কাৰ পৰিছন্ন হৈ থাকিলে মনটোও ভাল লাগে আৰু বহুতো ৰোগৰ বীজানু আমাৰ হাতদুখনৰ পৰাই মুখলৈ যায় ৷ সেইবাবে হাতদুখন পৰিস্কাৰ কৰি ৰখাতো অতি প্ৰয়োজন৷ বিশেষকে যিবোৰ ৰোগ পানীৰ দ্বাৰা বা মাটিৰ দ্বাৰাও (যেনে হাকোটা পেলু) আদি সংক্ৰমিত হয়৷ খোৱাৰ আগতে, খোৱাৰ পিচত কোনো বস্তু স্পৰ্শ কৰাৰ পিচত, পায়খানাৰ পৰা অহাৰ পিচত হাতদুখন চাবোনেৰে ভালদৰে ধুব লাগে৷ এইবাৰ কভিডৰ সময়ত হাতদুখন সঘনাই ধুই থকাৰ ফলত পানীৰ দ্বাৰা বিয়পা বহুতো ৰোগৰ পাদুৰ্ভাৱ কমিছে ৷ সৰু সৰু ল’ৰা ছোৱালীৰ হাতদুখন সঘনাই ধুই থাকিব লাগে কাৰণ হাতদুখন যিকোনো বস্তু চুই পুনৰাই মুখত দিব পাৰে ৷ বিশেষকে মাটি বা গছগছনি আদি চুই মূখত দিলে তাৰ পৰাই, বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হব পাৰে ৷ বিশেষকে হাকোটা পেলুত সংক্ৰমন এনেদৰে হয় আৰু সেইবাবে সৰু ছোৱালীক প্ৰতিষেধক টিকা সমূহ সময়মতে দিয়াৰ ওপৰিও পেলুৰ প্ৰতিষেধক বোৰক সময়মতে দিব লাগে৷ গাধুবলৈ ব্যৱহাৰ কৰা পানীও পৰিস্কাৰ হব লাগে ৷ চালৰ বিভিন্ন ৰোগ অপৰিস্কাৰ পানীৰে গাধোৱাৰ ফলত হয় ৷ বিশেষকে বাৰিষাকালত পানী দূষিত হোৱাৰ সম্ভাৱনা বেছি থাকে আৰু এই সময়চোৱাত বিভিন্ন চালৰ ৰোগীৰ সংখ্যাও বাঢ়ে৷ নিজৰ ব্যক্তিগত চাফচিকুনৰ বাহিৰেও ঘৰৰ ভিতৰখন ঘৰৰ চৌপাশ চাৰিওফালৰ সৰু নলা আৰু ওচৰৰ ঠাই আৰু পদুলি পৰিস্কাৰ কৰি ৰখাৰ উপৰিও ইয়াৰ লগত স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ, পৰিমিত ব্যায়ামৰ দ্বাৰা আমি নিজকে কেৱল বাৰিষাৰ সময়তে নহয় যিকোনো সময়তে নিজকে বহুতো ৰোগৰ পৰা আতৰাই ৰাখিব পাৰিম ৷