গ্ৰাম্য এলেকাবোৰত দুপৰীয়া ২ বজাৰ পৰা কাৰফিউ – ড০ হিমন্ত বিশ্ব শৰ্মা

Pc- Sentinal Assam

গ্ৰাম্য এলেকাবোৰত দুপৰীয়া ২ বজাৰ পৰা কাৰফিউ – ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  যোৱা কালি (মঙলবাৰে) ঘোষণা কৰে যে ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলসমূহত   গধুলি ৫ বজাৰ পৰিৱৰ্তে ২ বজাৰ ৰ পৰা কাৰফিউ কাৰ্যকৰী হ’ব। তেওঁ লগতে কয় যে নগৰাঞ্চলত ১২ বজাৰ পৰা কাৰফিউৰ নিৰ্দেশ ৫ জুনলৈকে অব্যাহত থাকিব।

“ইয়াৰ পূৰ্বে গ্ৰাম্য অঞ্চলত ৫ বজাৰ পৰা কাৰফিউ আৰম্ভ হৈছিল। এতিয়া গাওঁবোৰত কাৰফিউ দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব। নগৰাঞ্চলত ১২ বজাৰ পৰা কাৰফিউ ৫ জুনলৈকে অব্যাহত থাকিব,” কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত শৰ্মাই কয়।