গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান,দৰংত নিবনুৱা যুৱক-যুৱতীৰ বাবে স্বনিয়োজনৰ পাঠ্যক্ৰম

গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান,দৰংত নিবনুৱা যুৱক-যুৱতীৰ বাবে স্বনিয়োজনৰ পাঠ্যক্ৰম

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয় ,অসম চৰকাৰ আৰু ইউকো বেঙ্কৰ যৌথ প্ৰচেষ্টাত পৰিচালিত এক প্ৰকল্প ‘গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, দৰং ‘চমুকৈ (আৰছেটি দৰং)ৰ ১নং বেজপাৰা স্হিত নিজা প্ৰশিক্ষণ কেন্দ্ৰত গাহৰি পালন আৰু ছাগলী পালনৰ ১০ দিনীয়া দুটি প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ হৈছে। যোৱা কালি দুয়োটা প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে দৰং জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাঃ যুগব্ৰত নাথে । দৰং জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা বাছনি কৰা জিলা খনৰ ভিন্ন প্ৰান্তৰ ৭০ গৰাকী স্বনিয়োজনৰ বাবে আগ্ৰহী প্ৰশিক্ষাৰ্থীয়ে উক্ত বিনামূলীয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।এই  প্ৰশিক্ষণ প্ৰতিষ্ঠান চৌহদত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক বিজয় শৰ্মাই আৰছেটিত অনুষ্ঠিত হৈ থকা প্ৰশিক্ষণ সূচীৰ উপৰিও সমাগত কৰ্মসূচী সন্দৰ্ভত অৱগত কৰে। তেওঁ আৰছেটিৰ প্ৰশিক্ষণে যুৱক-যুৱতীক উদ্যমিতাৰ চিন্তাধাৰাৰে কামত অগ্ৰসৰ হ’বলৈ প্ৰেৰণাদায়ক হয় বুলি প্ৰকাশ কৰে। আনহাতে প্ৰশিক্ষণৰ সমল ব্যক্তি ডাঃ যুগব্ৰত নাথে নিবনুৱা যুৱক-যুৱতীৰ বাবে আৰছেটিৰ জৰিয়তে স্বনিয়োজনৰ যি হ্ৰস্বম্যাদী বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থা সেয়া অতিকৈ উন্নত মানদণ্ডৰ বুলি উল্লেখ কৰি উক্ত সুযোগ গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে যুৱক-যুৱতীসকলক আহ্বান জনায়। আৰছেটিৰ স্বনিয়োজন প্ৰশিক্ষণৰ জৰিয়তে এজন সফল উদ্যোগী হ’বলৈ প্ৰশিক্ষাৰ্থী সকলক শুভেচ্ছা জনাই জ্যেষ্ঠ পশু চিকিৎসা বিষয়া জনে কয় যে চৰকাৰৰ দক্ষতা বিকাশৰ আচঁনি সমূহ তেতিয়াহে সফল হ’ব যেতিয়া প্ৰশিক্ষাৰ্থী সকলে মানসিক ভাবে উদ্যমী ব্যক্তি হ’বলৈ নিজকে উপযুক্ত ভাবে গঢ়াৰ বাবে সংকল্প গ্ৰহণ কৰিব। উল্লেখ্য যে প্ৰতিষ্ঠা বৰ্ষ ২০১২ ৰ পৰা বৰ্তমানলৈ ৬৯৭৮ জন প্ৰশিক্ষাৰ্থীয়ে আৰছেটি দৰং ৰ পৰা স্বনিয়োজনৰ ভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰি উপকৃত হৈছে। ইয়াৰোপৰি প্ৰশিক্ষণ প্ৰতিষ্ঠানখনৰ প্ৰশিক্ষাৰ্থীৰ স্বনিয়োজনৰ আত্মসংস্হাপনৰ শতকৰা হাৰ ৫৩ শতাংশ। এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলা পশুপালন বিভাগৰ দলগাওঁ স্হিত কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা, জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাঃ বাজৰুল ইছলামেও সমল ব্যক্তি হিচাবে প্ৰশিক্ষণ প্ৰদান কৰে।