গ্ৰন্থমেলালৈ যোৱা সকলে গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলক – দেবর্ষি গৌতম

গ্ৰন্থমেলালৈ যোৱা সকলে গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলক

দেবর্ষি গৌতম, বনগাঁও

গ্ৰন্থমেলা বুলি কলে গ্ৰন্থপ্ৰেমী সকলৰ মাজত এক বিশেষ অনুভৱে দেহ মন আলোৰিত কৰে। গ্ৰন্থৰ মাজত নিজে বিলীন হৈ এটা দিন উদযাপন কৰিব পৰাটো এগৰাকী গ্ৰন্থপ্ৰেমী লোকৰ বাবে অতিকৈ বিশেষ হিচাপে পৰিগণিত হয়। গ্ৰন্থপ্ৰেমী তথা পঢ়ুৱৈ সকলে গ্ৰন্থমেলাৰ বাকৰিৰ গ্ৰন্থ বিপনী সমূহৰ পৰা নিজৰ পছন্দৰ গ্ৰন্থসমূহ ক্ৰয় কৰিবলৈ উৎসাহিত হোৱা দেখিবলৈ পোৱা যায়। কিন্তু এইখিনিতে সকলোৰে মনলৈ অহা এটা ডাঙৰ প্ৰশ্ন হল গ্ৰন্থমেলাৰ বাকৰিত ভিৰ কৰা প্ৰতিগৰাকী লোকে গ্ৰন্থ ক্ৰয় কৰেনে ? আচলতে গ্ৰন্থমেলাৰ বাকৰিত সমাগম হোৱা লোকসকলৰ ভিতৰত গ্ৰন্থ ক্ৰয় কৰা লোকৰ সংখ্যা এশ শতাংশ কেতিয়াও নহয়। বহু সময়ত সমাগম হোৱা লোকৰ তুলনাত গ্ৰন্থ ক্ৰয় কৰা লোকৰ সংখ্যা তেনেই সীমিত হোৱা পৰিলক্ষিত হয়। সময়ৰ লগে লগে অসমীয়া সাহিত্যৰ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। যদি অসমীয়া লোকসকলে অসমীয়া গ্ৰন্থ পঢ়াৰ অভ্যাস গঢ়ি তুলিব নিবিচাৰে তেনেহলে অসমীয়া সাহিত্য জীয়াই থকাটো কঠিন হৈ পৰিব। সাহিত্য জীয়াই থকাৰ প্ৰতি ভাবুকি অহা মানে জাতি এটাৰ প্ৰতিও ভাবুকি আহি পৰিব। কাৰণ সাহিত্য অবিহনে এটা ভাষা জীয়াই নাথাকে আৰু ভাষা অবিহনে এটা জাতিৰ পৰিচয় জীয়াই নাথাকে। গতিকে অসমীয়া ভাষা-সাহিত্যক জীয়াই ৰখাৰ প্ৰতি আমি সকলো অসমীয়া লোক দায়বদ্ধ হোৱাটো অতিকৈ প্ৰয়োজনীয়। সদায় নতুন নতুন গ্ৰন্থ ক্ৰয় কৰি আমাৰ পঢ়িবলৈ সময় নাথাকে কিন্তু বছৰত অন্তত এবাৰ যদি আমি কেইখনমান গ্ৰন্থ ক্ৰয় কৰি পঢ়িবলৈ আৰম্ভ কৰোঁ তেনেহলে সেয়া নিজৰ বাবে ভাল হোৱাৰ উপৰিও ভাষা-সাহিত্য আৰু সমগ্ৰ অসমীয়া জাতিটোৰ বাবে এক ইতিবাচক দিশ হিচাপে বিবেচিত হব। গ্ৰন্থমেলাৰ বাকৰিত গৈ কেৱল ফটো অথবা চেল্ফি উঠি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ উপৰিও গ্ৰন্থ ক্ৰয় কৰাৰ এক অভ্যাস গঢ়ি উঠিলে অসমীয়া জাতিৰ বাবে শুভলক্ষণ হিচাপে বিবেচিত হব। বিশেকৈ আমাৰ সমাজৰ যুৱপ্ৰজন্মই যদি মোবাইল ফোনৰ ব্যৱহাৰৰ পৰা নিজকে কিছু আঁতৰাই আনি গ্ৰন্থ অধ্যয়নৰ বাবে সময় উলিয়াই তেনেহলে এটা কথা নিশ্চিত যে যুৱপ্ৰজন্মৰ মাজত মানসিকতা সলনিৰ এক জাগৰণ সৃষ্টি হব। অভিভাৱক সকলে নিজ সন্তানক সৰুৰে পৰা হাতত মোবাইল ফোন তুলি দিয়াৰ পৰিবৰ্তে কিতাপ পঢ়াৰ এক অভ্যাস গঢ়ি তুলিব লাগে। যাৰ সুফল সকলো ক্ষেত্ৰতে প্ৰতিফলিত হয়। গ্ৰন্থ অধ্যয়নৰ অভ্যাসে এগৰাকী ব্যক্তিৰ একাগ্ৰতা, মনোযোগ আদি বৃদ্ধি কৰাত সহায় কৰে। আমি যদি সদায় এগৰাকী অসমীয়া হিচাপে সগৌৰবে জীয়াই থাকিবলৈ বিচাৰো তেনেহলে আমাৰ ভাষাটোক জীয়াই ৰাখিব লাগিব। ভাষাটোক জীয়াই ৰাখিবলৈ হলে আমাৰ প্ৰতিটো প্ৰজন্মই অসমীয়া সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটো অতিকৈ প্ৰয়োজনীয়। এগৰাকী স্বাভিমানী অসমীয়া হিচাপে যদি আমি সকলোৱে গ্ৰন্থমেলাত উপস্থিত হৈ অন্তত এখনকৈ হলেও নিজৰ পছন্দৰ গ্ৰন্থ ক্ৰয় কৰোঁ তেনেহলে অসমীয়া সাহিত্যৰ প্ৰতি ভাবুকি অহা বুলি আমি সততে কৈ থাকোঁ সেয়া নিশ্চিতভাৱে সমাপ্ত হৈ যাব। যদি আমি নিজেই নিজৰ ভাষাটোক জীয়াই ৰখাৰ বাবে চেষ্টা নকৰো তেনেহলে পঢ়ুৱৈ অবিহনে কেৱল সাহিত্য চর্চাকাৰী সকলে কেতিয়াও অসমীয়া ভাষাটোক জীয়াই ৰাখিব নোৱাৰে। আহক আমি এগৰাকী স্বাভিমানী অসমীয়া হিচাপে  সকলোৱে গঢ়ি তোলোঁ অসমীয়া গ্ৰন্থ ক্ৰয় কৰাৰ আৰু অসমীয়া গ্ৰন্থ অধ্যয়নৰ এক অভ্যাস। যদি অসমীয়া গ্ৰন্থ ক্ৰয় আৰু  গ্ৰন্থ অধ্যয়নৰ এক সুস্থ আন্দোলন আমি গঢ়ি তুলিব পাৰো তেনেহলে অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্ৰা আকৌ এবাৰ আৰম্ভ হোৱাত কোনো বাধাই প্ৰাচীৰ হিচাপে থিয় দিব নোৱাৰে।