গ্ৰন্থমেলাত জনসংযোগ বিভাগৰ প্ৰদৰ্শনী কেন্দ্ৰ উদ্বোধন

গ্ৰন্থমেলাত জনসংযোগ বিভাগৰ প্ৰদৰ্শনী কেন্দ্ৰ উদ্বোধন

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-   অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আৰম্ভ হোৱা অসম গ্ৰন্থমেলাত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ প্ৰদৰ্শনী কেন্দ্ৰটো বিভাগৰ সচিব অৰুন্ধতী চক্ৰৱৰ্তীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ জনসংযোগ বিভাগৰ এই প্ৰদৰ্শনী কেন্দ্ৰত বিভাগৰ দ্বাৰা প্ৰকাশিত Lachit Borphukon – Assam’s Hero who Halted the Mughals, বৰদোৱা, শ্ৰী সূৰ্য্য পাহাৰ, মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন আদি কেইবাখনো গ্ৰন্থ আৰু পুস্তিকা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে৷ অনুষ্ঠানত তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায়, উপ-সঞ্চালক ৰতন সাউদ, আৰ্ট এডভাইচাৰ ইন্দ্ৰানী ডেকাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত আছিল