গো মাংস নিষিদ্ধ কৰণত বিজেপিৰ আদৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কালি অনুষ্ঠিত হৈ যোৱা কেবিনেটত হোটেল ,ৰেষ্টোৰাঁ, ৰাজহুৱা স্থান আৰু সামাজিক অনুস্থানত গো-মাংস নিষিদ্ধ কৰা সিদ্ধান্তক অসম প্ৰদেশ বিজেপিয়ে আদৰণি জনায়। অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই এক বিবৃতিযোগে বিজেপি নেতৃত্বাধীন অসমৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ ৰাজহুৱাস্থানত গো-মাংস নিষিদ্ধ কৰাক আদৰণি জনাই কয় যে আমাৰ সনাতনী সভ্যতা-সংস্কৃতিক এনেধৰণৰ সিদ্ধান্তই অধিক সুদৃঢ় কৰিব ৷ ৰাজ্যখনত বসবাস কৰা সকলো লোকৰ মাজত এই সিদ্ধান্তই এক ইতিবাচক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱাৰ লগতে ভাতৃত্ববোধ শক্তিশালী কৰিব৷ চৰকাৰৰ এই সিদ্ধান্তই দীৰ্ঘদিনধৰি দাবী জনাই অহা গোমাতাৰ সংৰক্ষণ আন্দোলনক ন্যায্যতা প্ৰদান কৰিলে ৷ সনাতনী ধৰ্মত গোমাতাক যিহেতু পূজা কৰা হয় সেয়েহে ৰাজহুৱাকৈ গো-মাংস ভক্ষণে কৰবাত সংখ্যাগৰিষ্ঠ লোকৰ ধৰ্মীয় অনুভূতি আৰু সংস্কৃতিৰ পৰিপন্থী আছিল । কিন্তু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই বলিষ্ঠ সিদ্ধান্তই সনাতনী সংস্কৃতিৰ লগতে অসম গো-সংৰক্ষণ আইন ২০২১ কো অধিক শক্তিশালী কৰিব বুলি মুখপাত্ৰ দত্তই মন্তব্য কৰে ৷