গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকাক নৃশংসভাৱে হত্যা
ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰাত বিজেপি নেত্ৰীক হত্যা। গোৱালপাৰা বিজেপিৰ জিলা সম্পাদিকা জোনালী নাথক দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ’ল কৃষ্ণাইৰ শালপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত। নিশাৰ ভাগত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ৷ দুৰ্বৃত্তই হত্যা কৰি এনেদৰে পথৰ কাষত পেলাই থৈ যায় মহিলাগৰাকীক। মাটিয়াৰ নিজ বাসগৃহৰ পৰা দেওবাৰে বিয়লি ওলাই যোৱাৰ পিছত একাংশ লোকে মাটিয়াৰ কাষতে থকা এখন বজাৰত শেষবাৰৰ বাবে দেখা পাইছিল জোনালী নাথক। আনহাতে, নিশাই মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে আৰু আজি মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব৷ ইফালে মৃতদেহটোৰ বহু ঠাইত আঘাতৰ চিন থকা বুলি জানিব পৰা গৈছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।