গোলাঘাট জিলা আন্তঃমহাবিদ্যালয় যোগাসন প্রতিযোগিতা

গোলাঘাট জিলা আন্তঃমহাবিদ্যালয় যোগাসন প্রতিযোগিতা

বিশ্বজিৎ দলে, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ইংরাজী ২০ জুন, ২০২২ তারিখে, গোলাঘাট জিলাৰ আন্তঃমহাবিদ্যালয় যোগাসন প্রতিযোগিতা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত NSS. ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। প্রতিযোগিতাখনত গোলাঘাট জিলাৰ বিভিন্ন মহাবিদ্যালয়ে অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ৰাম শ্রেষ্ঠই ল’ৰা শাখাত প্ৰথম স্থান, বাণিজ্য মহাবিদ্যালয়ৰ ৰাহুল শৰ্মাই দ্বিতীয় স্থান আৰু কমাৰবন্ধা মহাবিদ্যালয়ৰ ৰিতুৰাজ কৰ্মকাৰে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ছোৱালী শাখাত ক্রমে হেম প্রভা ছোৱালী মহাবিদ্যালয়ৰ শিল্পী শিখা গগৈয়ে প্রথম স্থান, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ মৌচুমী দেই দ্বিতীয় স্থান, সৰুপথাৰ মহাবিদ্যালয়ৰ সুস্মিতা গগৈয়ে তৃতীয় স্থান পাবলৈ সক্ষম হয়। আনহাতে বাণিজ্য মহাবিদ্যালয়ৰ মমতা চেত্ৰী আৰু নিজম মুছাহাৰীয়ে শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা লাভ কৰিবলৈ সক্ষম হয়।
ল’ৰা শাখাৰ প্ৰথম পুৰস্কাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ অনামিকা হাজৰিকাই তেখেতৰ পিতৃ স্বৰ্গীয়  তোষেশ্বৰ হাজৰিকা আৰু ছোৱালী শাখাৰ প্ৰথম পুৰস্কাৰ ড° জিন্টি দুৱৰাই আগবঢ়ায়। ছোৱালী শাখাৰ দ্বিতীয় পুৰস্কাৰ ড° কৰবী দেৱী আৰু ল’ৰা শাখাৰ জ্যোতিৰূপা বৰাই তেখেতৰ মাতৃ স্বৰ্গীয় জানুপ্রভা বৰাৰ সোঁৱৰণত আগবঢ়ায়। ছোৱালী শাখাৰ তৃতীয় পুৰস্কাৰ ড° দেৱজিৎ দত্তই তেখেতৰ পিতৃৰ স্বৰ্গীয় যোগেন দত্তৰ সোঁৱৰণত, ল’ৰা শাখাৰ শশাংক শ‍ইকীয়া আগবঢ়ায়। শ্রেষ্ঠ প্রদর্শনকাৰীৰ বঁটা আগবঢ়াই বিশ্বজিৎ দলে আৰু শ্ৰীমন্ত প্ৰসাদ হাজৰিকাই।
কাৰ্যসূচীৰ দ্বিতীয় দিনা অর্থাৎ ২১ জুন তাৰিখে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সফলতাৰে অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ উপাধ্যক্ষ অনামিকা হাজৰিকাই উদ্বোধন কৰা অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলাৰ চক্ৰ বিষয়া শ্রীমতী পাপৰি দাস, শশাংকজিৎ বৰা, অচ্যুত কুমাৰ নাথ, ঋতুপৰ্ণ বৰা, দিপশিখা গোহাঁই আৰু ক্ৰীড়া ভাৰতী গোলাঘাট জিলাৰ সভাপতি দিপজ্যোতি শ‍ইকীয়া, উপ সভাপতি ৰমেশ বৰা, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্র-ছাত্রী। সেই অনুষ্ঠানতে “International Day of Drugs Abuse” ৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ মাজত আন এক প্রতিযোগিতা অনুষ্ঠিত কৰা হয়।