গোলাঘাট জিলালৈ অহা নৱনিযুক্ত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা

Pc- Indian Bureaucracy

গোলাঘাট জিলালৈ অহা নৱনিযুক্ত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  অলপতে গোলাঘাট জিলালৈ অহা উপায়ুক্ত ডাঃ উদয় প্ৰবীণে কেইবাটা বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন বৈঠকত তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা, এম.জি.এনৰেগা, গ্ৰামীণ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গোলাঘাটৰ কাম-কাজৰ পৰ্যালোচনা কৰে। তেখেতে এম জি এনৰেগাৰ শ্ৰমিকসকলৰ দ্বাৰ উন্নয়ন খণ্ডসমূহত অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ তথা উন্নতীকৰণৰ বাবে নিৰ্দেশ দিয়ে। আনহাতে উপাযুক্তগৰাকীয়ে উপাযুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতেও এখন বৈঠকত মিলিত হয়। তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত শিক্ষা প্ৰদানৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। ইফালে আন এখন সুকীয়া বৈঠকত জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাম-কাজৰো পৰ্যালোচনা কৰে। উপাযুক্তগৰাকীয়ে ভূমি অভিগ্ৰহণ শাখাৰ সৈতেও আলোচনাত মিলিত হয়। এই বিভাগৰ বিভিন্ন কাম-কাজ অগ্ৰগতিৰ বিষয়েও মিলিত হয়। মুঠতে জিলাখনৰ উন্নয়নৰ বাবে তেখেতে বিশেষ আগ্ৰহ প্ৰকাশ কৰে।