গোলাঘাটৰ সৰুপথাৰত ONGC ৰ বিৰুদ্ধে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ 

গোলাঘাটৰ সৰুপথাৰত ONGC ৰ বিৰুদ্ধে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ 

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ সৰুপথাৰত ONGC ৰ বিৰুদ্ধে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ পুৱা ৫ বজাৰ পৰা অনিৰ্দিষ্টকালীন পথ অৱৰোধেৰে প্ৰতিবাদ ONGC ৰ বিৰুদ্ধে ৷ONGC ৰ সৰুপথাৰস্থিত DSA লৈ যোৱা মুখ্য পথটো অৱৰোধ কৰে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই , মুঠ ১০ টা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে চুতীয়া ছাত্ৰ সন্থাই ৷ এটা বছৰৰ পূৰ্বেও এই সমূহ দাবীৰে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছিল , কিন্তু সেই দাবী সমূহ পূৰণ কৰাত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এটা বছৰে সেই সমূহ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল ।