গোলাঘাটৰ মাহেকীয়া আড্ডা “ভাৱনা প্ৰদোষৰ” আড্ডা থলিত “নিৰামিষ ৰন্ধন আৰু পৰিবেশন” শীৰ্ষক গ্ৰন্থ উন্মোচন

গোলাঘাটৰ মাহেকীয়া আড্ডা “ভাৱনা প্ৰদোষৰ” আড্ডা থলিত “নিৰামিষ ৰন্ধন আৰু পৰিবেশন” শীৰ্ষক গ্ৰন্থ উন্মোচন

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  বিয়লি ৩ বজাত গোলাঘাটৰ মাহেকীয়া আড্ডা “ভাৱনা প্ৰদোষৰ” আড্ডা থলিত “নিৰামিষ ৰন্ধন আৰু পৰিবেশন” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। লেখক দেৱ প্ৰসাদ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা তথা আড্ডাত গ্ৰন্থখন উন্মোচন কৰে গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ১১খন গ্ৰন্থৰ ৰচয়িতা অপৰাজিতা বৰুৱাই। ইয়াৰ পাছতে পুথিখনৰ লেখিকা দিপাঞ্জলি শৰ্মা বৰুৱাই নিজ অনুভৱ ব্যক্ত কৰোঁতে কয় যে গ্ৰন্থ এখন প্ৰকাশ হলে কিমান আনন্দ লাগে তাক শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। পুথি তীৰ্থ প্রকাশনে প্ৰকাশ কৰা উক্ত গ্ৰন্থখনৰ প্ৰকাসকৰ হৈ ক্ষীৰোদ কুমাৰ গোস্বামীয়ে এখন পুথি প্ৰকাশ কৰাৰ মনোৰম অভিজ্ঞতা ব্যক্ত কৰে। গোলাঘাট শাখা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি অনিল শৰ্মাই আৰু সুলেখক বিপুল ঠাকুৰে সাৰুৱা বক্তব্য ৰাখে। ইয়াৰ পাছতে অসমৰ বিখ্যাত কবি তথা লেখিকা নলিনীবালা দেৱীৰ পৰিনাতি কাকু শৰ্মাই নলিনীবালা দেৱীৰ কিছুমান সৰু সৰু অতি মনোৰম কথা সকলোকে জানিবলৈ দি আপ্লুত কৰে। কবিতা পাঠ কৰে অনুসূয়া পূজাৰী,অৰূপা নাথ, প্ৰবক্তা প্ৰবীণ শৰ্মা,ৰঞ্জন চাংমাই, স্বস্তিকা বৰাই। গীত পৰিবেশন কৰে অৰূপজ্যোতি খাৰঘৰীয়া আৰু সুৰাংগনা হাজৰিকা।