গোলাঘাটৰ বিশিষ্ট নাগৰিক উমেশ লহকৰৰ মৃত্যু: শোক প্ৰকাশ গোলাঘাট বাসীৰ

গোলাঘাটৰ বিশিষ্ট নাগৰিক উমেশ লহকৰৰ মৃত্যু: শোক প্ৰকাশ গোলাঘাট বাসীৰ

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা– গোলাঘাটৰ জ্যোতি বঁটা প্ৰাপ্ত তথা বন ঔষধ বিশেষজ্ঞ উমেশ লহকৰৰ ১৯ মে’ ২০২২ তাৰিখে বিয়লি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। চিৰকুমাৰ লহকৰ ডাঙৰীয়াৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৯ বছৰ। গোলাঘাটৰ পুৰণি হোটেল ‘মধুৰমৰ’ স্বত্বাধীকাৰী আছিল তেখেত। তেওঁৰ গোলাঘাট ৰঙাজানত এখন বন ঔষধৰ বাগিছা আছিল, য’ত আপুৰুগীয়া বনঔষধি গছ আছে। এনে এগৰাকী মানৱ দৰদী আৰু গছ-গছনি ভাল পোৱা বিশিষ্ট ব্যক্তিক গোলাঘাট পৌৰসভাই ‘গোলাঘাট জ্যোতি বঁটা’ প্রদান কৰিছিল। এনে এজন বিশিষ্ট ব্যক্তিৰ মৃত্যুত জিলাখনৰ বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠান আৰু বিশিষ্ট ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।