গোলাঘাটৰ নোগোৰা , গুৱালটুপ , গাড়ীগাও , দ’গাও ৰূপকলীয়া, আদি গাঁৱত হাতীৰ উপদ্ৰপ

গোলাঘাটৰ নোগোৰা , গুৱালটুপ , গাড়ীগাও , দ’গাও ৰূপকলীয়া, আদি গাঁৱত হাতীৰ উপদ্ৰপ

ৰূপাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  এতিয়া পকাধান চপোৱাৰ বতৰ ৷ দাৱনীয়ে ধানৰ ঠোকত কাচিখনৰ পৰস দিয়াৰ সময়তে পকা ধানৰ মলমলনিয়ে উত্তাৱল কৰিছে বণ্যহস্তী জাকক ৷গোলাঘাটৰ নোগোৰা ; গুৱালটুপ ; গাড়ীগাও ; দ’গাও ৰূপকলীয়া ; আদি গাঁৱত হাতীৰ উপদেশৰ বাবে ৰাইজে ধানখেতি নকৰা হৈছে ফলত উকাহৈ আছে বিৰাট এলেকাৰ কৃষিপথাৰ সমূহ ৷ হাতীৰ উপদ্ৰৱত অতিষ্ঠহৈ কৃষক উন্নয়ন সংস্থা নামৰ সংগঠনটোৰ বেনাৰত ওলাই আহি কৃষক সকলে পথাৰতে মানৱ শৃংখল গঢ়িতুলি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আৰু হস্তী মানবৰ সংঘাটৰ কাৰক হিচাপে চিহ্নিত হোৱা তিনিটা কাৰক নিৰ্মূলৰ দাবী জনায় ৷ উল্লেখ্যযে — নামবৰ-দৈগ্ৰোং – বিজুলী বনাঞ্চল বেদখলকাৰীৰ কবলত ৷ হাবিভাঙি গাঁও হ’ল ৷ হাতিৰ খাদ্য- বাসস্থাননোহোৱা হোৱাত ধানে গেৰ মেলা সময়তেই বণ্যহস্তি দল ওলাই আহে জনাঞ্চললৈ ৷