গোলাঘাটৰ নতুন আমোলাপট্টিৰ সেউজপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বদ্ধনা 

গোলাঘাটৰ নতুন আমোলাপট্টিৰ সেউজপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বদ্ধনা 

ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ নতুন আমোলাপট্টিৰ সেউজপুৰ অঞ্চলত প্ৰায়২০০৬ চনৰে পৰা অনুষ্ঠিত হৈ অহা এই অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বদ্ধনা তথা অভিনন্দন জনোৱাৰ উদ্দেশ্যে যোৱা ৪ জুন ৰবিবাৰে ধ্ৰুৱজ্যোতি নেওগদেৱৰ সভাপতিত্বত এখনি সম্বদ্ধনা সভা অনুষ্ঠিত হৈ যায়।সভাপতিৰ আসন গ্ৰহণৰ পাছতে পৰম্পৰা ৰক্ষা কৰি ছাত্ৰী জাহ্নৱী গগৈ আৰু ছাত্ৰ বৰ্ণিল ৰাজ ফুকনক একোখনিকৈ গামোচা আৰু কিতাপেৰে মীৰা হাজৰিকা ৰিনু বৰঠাকুৰ ইমামনি ভট্টাচাৰ্যই সম্বদ্ধনা জনায়।ইয়াৰ পাছতে সম্বদ্ধিত ছাত্ৰ ছাত্ৰী দুগৰাকীয়ে সভাৰ আয়োজক সকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যত শৈক্ষিক জীৱনৰ বিষয়ে দুআষাৰ কয়।অভিভাৱক সকলৰ তৰফৰ পৰা তেওঁলোকৰ সন্তানক পঢ়া শুনাৰ ক্ষেত্ৰত লোৱা তত্ত্বাৱধানৰ বিষয়ে একাষাৰ কয়।ছাত্ৰ -ছাত্ৰী সকলৰ উদ্দেশ্যে এই অঞ্চলৰ উমা শইকীয়া ,মুনিন দত্ত ,তৰুপ্ৰভা হাজৰিকা, ইমামণি ভট্টাচাৰ্য,জ্যোতিলক্ষ্মী দত্ত আৰু জিতেন শৰ্মাদেৱে ছাত্ৰছাত্ৰী সকলৰ ভৱিষ্যত জীৱন গঢ়াৰ ক্ষেত্ৰত সহায়ক হ’ব পৰাকৈ বহুমূলীয়া উপদেশ আগবঢ়ায়।ইয়াৰ পাছতে ভনপ্ৰভা শইকীয়া ডাঙৰীয়ানীয়ে স্বৰচিত এটি কবিতা পাঠেৰে সমজুৱা সকলক আনন্দ প্ৰদান কৰে।শলাগৰ শৰাইত এই অনুষ্ঠানটি সফলভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা তথা বিশেষভাৱে অৰিহণা আগবঢ়োৱা জ্যোতিপ্ৰসাদ বৰা মানস জ্যোতি শৰ্মা অংকিতা বৰা আৰু গায়ত্ৰী শৰ্মাৰ নাম উল্লেখ কৰা হয়। সভাপতিৰ মন্তব্যৰ পাছতে জাতীয় সংগীতেৰে সভাৰ কাৰ্যসূচী সামৰণি মৰা হয়।