গোলাঘাটৰ দেৰগাঁৱত ঔষধ ব্যৱসায়ী সন্থাৰ সমিতিগঠন

Pc The Indian Express

গোলাঘাটৰ দেৰগাঁৱত ঔষধ ব্যৱসায়ী সন্থাৰ সমিতিগঠন

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট দেৰগাঁৱৰ মাৰোৱাৰী ধৰ্মশালাত অশ্বিনী বৰঠাকুৰৰ সভাপতিত্বত অলপতে গোলাঘাট জিলাৰ ঔষধ ব্যৱসায়ী সন্থাৰ অধীনৰ বৃহত্তৰ দেৰগাঁৱৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ পাইকাৰী আৰু খুচুৰা ঔষধ ব্যৱসায়ীসকলক লৈ এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে তপোবন বৰবৰাই। এই সভাত জ্যেষ্ঠ ঔষধ পৰিদৰ্শক হৰেণ শৰ্মাই কয় যে কোনো ঔষধৰ খুচুৰা বিক্ৰেতাই যদি যক্ষ্মা ৰোগৰ ঔষধ বিক্ৰী কৰে তেন্তে তেওঁলোকে ৰোগীৰ নাম ঠিকনাসমূহ সংগ্ৰহ কৰি জিলাৰ যুটীয়া স্বাস্থ্য বিষয়াক অৱগত কৰিবলৈ অনুৰোধ কৰে। সভাত দেৰগাঁৱৰ পুৰণা সমিতিখন ভংগ কৰি তপোবন বৰবৰাক সভাপতি, আৰু কৰুণাকান্ত বৰকটকীক সম্পাদক হিচাপে লৈ ঔষধ ব্যৱসায়ী সন্থাৰ সমিতিখন গঠন কৰে।