গোলাঘাটৰ জামুগুৰিৰ লক্ষীবাৰীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ আয়োজন

Pc- hindi Rush

গোলাঘাটৰ জামুগুৰিৰ লক্ষীবাৰীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা, গোলাঘাটৰ পৰা মৃগাংক বৰুৱাৰ ৰিপোৰ্ট-  নৱ গঠিত লক্ষীবাৰী শাখা সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰজ্যোতি আঞ্চলিক কলামঞ্চৰ উদ্যোগত আৰু স্থানীয় অঞ্চলবাসী ৰাইজৰ সহযোগত অহা পাঁছ নৱেম্বৰত ক’ভিত বিধি পালন কৰি বৰজান মাটিখোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত বিশ্ববন্দিত শিল্পী তথা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক মৃত্যু দিৱসৰ আয়োজন কৰা হৈছে । প্ৰস্তাৱিত কাৰ্যসূচী মতে পুৱা সাত বজাত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যৰ্পন ,পতাকা উওোলনৰ পাছত সংগীতসূৰ্য গৰাকীৰ জীৱন-দৰ্শন শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। সেয়েহে শাখা সাহিত্য সভাৰ সভাপতি সুৰেন বৰা ,সম্পাদক খগেন বৰা আৰু কলামঞ্চৰ সভাপতি পুতুল দও আৰু সম্পাদক দিপক হাজৰিকাই ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে ।