গোলাঘাটৰ কছাৰীহাট চিনাতলী বৰনামঘৰত অখণ্ড ভাগৱত পাঠ আৰু অহা ১০ এপ্ৰিলত ‘দুৰ্যোধনৰ উৰুভঙ্গ’ সম্পন্ন হব

গোলাঘাটৰ কছাৰীহাট চিনাতলী বৰনামঘৰত অখণ্ড ভাগৱত পাঠ আৰু অহা ১০ এপ্ৰিলত ‘দুৰ্যোধনৰ উৰুভঙ্গ’ সম্পন্ন হব

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  সমাজৰ জনকল্যাণৰ অর্থে মহাভাগবত শাস্ত্ৰ শ্ৰৱণ, কীৰ্তনৰ মানস কৰি চিনাতলী বৰনামঘৰৰ সমূহ ৰাইজ আৰু জ্যানুজ্জ্বল যুৱক সংঘৰ যুৱক যুৱতীৰ যুটীয়া উদ্যোগত এপ্ৰিল মাহৰ ৩ তাৰিখৰ পৰা ইয়াৰ মাংগলীক কাৰ্যসূচী চলি আছে, ১০ এপ্ৰিলৰ পুৱা ভাগৱত পাঠৰ সামৰণি পৰিব আৰু সন্ধিয়ালৈ “দুৰ্যোধনৰ উৰুভঙ্গ” ভাওনা মঞ্চস্থ কৰা হব বুলি ভাগৱত উদযাপন সমিতিৰ সভাপতি দেৱপ্ৰসাদ বৰা আৰু নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক জ্যোতিষ কুমাৰ বৰদলৈয়ে জানিবলৈ দিছে।