গোলাঘাটত “কৃষ্টিমালা’ৰ সৌজন্যত শিক্ষাবিদ ভুৱন চন্দ্ৰ শইকীয়াৰ স্মৃতি দিৱস উদযাপন”
মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- অলপতে ‘গোলাঘাট কলা-বীথিকা’ ত অনুষ্ঠিত হয় –শিক্ষাবিদ সমাজকৰ্মী ভুৱন চন্দ্ৰ শইকীয়াদেৱৰ এখনি স্মৃতিচাৰণ সভা । উল্লেখযোগ্য যে ভুৱন চন্দ্ৰ শইকীয়াদেৱ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক হোৱাৰ লগতে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত আছিল । তেখেত ‘ গোলাঘাট জিলা সাহিত্য সভা”ৰ দৈগ্ৰোং অধিবেশনৰ সভাপতি আছিল । স্মৃতিচাৰণ সভাত শইকীয়া দেৱৰ জীৱন আৰু কৰ্মৰ বিষয়ে সুন্দৰকৈ আলোকপাত কৰে তেখেতৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট চিত্ৰশিল্পী মনজিত ৰাজখোৱাই ।শইকীয়া দেৱৰ সৈতে সান্নিধ্যৰ মধুৰ স্মৃতি সোঁৱৰে অন্য এজন প্ৰাক্তন ছাত্ৰ তথা সাংস্কৃতিক কৰ্মী পৱিত্ৰ বৰাই । সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট চিকিৎসক ডা° সৌৰভ কুমাৰ শৰ্মাই ‘ বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু ভৱিষ্যত প্ৰজন্ম ” — এই বিষয়ে মননশীল বক্তব্য আগবঢ়ায় । নিজা নিজা অনুভৱেৰে সভাখনি সমৃদ্ধ কৰে বিশিষ্ট লেখিকা শিক্ষয়িত্ৰী অৰূপা নাথ লেখক-কবি মৃগাংক বৰুৱা কবি কমলাক্ষী দত্ত শিক্ষয়িত্ৰী মৰমী কলিতা কবি টংকেশ্বৰ পাঠৰি আদিয়ে ।সভাত কবিতা আবৃত্তি পৰিবেশন কৰে অণ্বেষণা চলিহা আৰু ৰাদি চাইহান আলমে ।সু গায়িকা শিল্পী কৰৱী দেৱীৰ সুমধুৰ প্ৰাৰ্থনা পৰিবেশনেৰে আৰম্ভ হোৱা সভাখনি আঁত ধৰে শিক্ষয়িত্ৰী মৌচুমী বৰাই ।দৰ্শনা গোস্বামী আৰু আকাংক্ষা গোস্বামীৰ দ্বাৰা পৰিবেশিত এটি জ্যোতি সংগীতেৰে সভাৰ সমাপ্তি ঘটে । শইকীয়াদেৱৰ ব্যক্তিত্বৰ সামগ্ৰিকতাক সামৰি এক সুন্দৰ কল্যাণময় বাৰ্তাৰে সভাখনি সফল কৰি তোলাৰ বাবে উপস্থিত প্ৰতিজনলৈকে -কৃষ্টিমালা”ৰ হৈ পাপৰি শইকীয়া বৰা আৰু অৰিন্দম বৰাই কৃতজ্ঞতা জনাইছে ।