গেলাবিলত এগৰাকী কিশোৰীক ধৰ্ষনৰ চেষ্টাঃ দুজন যুবকক Pocso আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ
১৬ঃঅক্টোবৰ, ৰঙিলী বাৰ্ত্তাসেৱা – ওৰাং আৰক্ষী থানাৰ অধীনত গেলাবিলত এগৰাকী কিশোৰীক গেলাবিলৰ ২ জন যুবকৰ বিৰুদ্ধে ২নং মাজগাওঁৰ খনশ্ৰী বসুমতাৰীয়ে তেওঁৰে ছোৱালীক ধৰ্ষণ কৰা চেষ্টা কৰা বুলি এজাহাৰ দাখিল কৰিছে ৷যোৱা ১২ অক্টোবৰ নিশা ৯মান বজাত দশম শ্ৰেনীত পঢ়ি থকা এগৰাকী ছাত্ৰীক গেলাবিলৰ প্ৰফুল্ল বৈশ্য পুত্ৰ প্ৰসেনজীত বৈশ্য ২৫বছৰ আৰু ভূপেন বৈশ্যৰ পুত্ৰ ঋতুপৰ্ণ বৈশ্য ২২বছৰৰ এই দুইগৰাকীয়ে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা বুলি এজাহাৰ দাখিল কৰে ৷আৰু আৰক্ষীয়ে লগে লগে দুই গৰাকী যুবককৰ বিৰুদ্ধে ওৰাং আৰক্ষী থানাত 153/2021,Under Section 354 A (i)-354-B,R/W.8 of Poscso Actৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷আনহাতে যুবক দুই গৰাকীৰ পৰিয়াল বৰ্গই ধৰ্ষণ কৰাৰ চেষ্টা কৰা বিষয়টো সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰাৰ লগতে তেওঁলোকে কথা বতৰাহে পাতি থকা বুলিহে জনাইছে ৷ আৰক্ষীৰ তদন্তহে প্ৰকৃত সত্য পোহৰলৈ আহিব ৷কোন সঁচা কোন মিছা ? ইতিমধ্যে আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ৷