গুৱাহাটী মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ হৈছে  মৃতদেহ। গুৱাহাটীৰ ৰূপনগৰৰ শংকৰদেৱ পথৰ এটা বাসগৃহত ৰহস্যজনক অৱস্থাত  উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। জানিব পৰা মতে উদ্ধাৰ হোৱা মৃতদেহটো নলবাৰীৰ জাগাৰাৰ পংকজ বৈশ্য নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত কৰা হৈছে।ভাড়াঘৰৰ শোৱাপাটীত পংকজৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য। তেওঁ শংকৰদেৱ পথৰ বকুল দৈমাৰী নামৰ এজন লোকৰ ঘৰত যোৱা ৪ বছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল।আনহাতে পংকজ বৈশ্য মৃত্যুৰ পিছতে তেওঁৰ পৰিয়ালে ভাড়াঘৰৰ মালিকৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। মৃত পংকজৰ পৰা ঘৰৰ মালিক বকুল দৈমাৰীয়ে ৪০ হাজাৰ টকা ধাৰালৈ লৈছিল। এই ধনক লৈয়ো পৰৱৰ্তী সময়ত দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতি ৰহস্যজনকভাৱে শোৱা পাতিত আজি পংকজ বৈশ্যৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ সমান্তৰালকৈ ৰহস্যৰো সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে।