গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° প্ৰবীন চন্দ্ৰ দাসৰ মৃত্যু

pc Facebook

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° প্ৰবীন চন্দ্ৰ দাসৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, সচিব, বিশিষ্ট লোক সংস্কৃতিবিদ, চিন্তাশীল লেখক, গৱেষক, দক্ষ সংগঠক ড° প্ৰবীণ চন্দ্ৰ দাসৰ শনিবাৰে নিশা প্ৰায় ১২:৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত ড° দাসৰ বয়স আছিল ৮০ বছৰ। লোক সংস্কৃতিৰ চৰ্চা, গৱেষণা আৰু প্ৰসাৰত জীৱনপাত কৰা ড° দাসৰ বিয়োগত শৈক্ষিক, সাংস্কৃতিক আৰু বৌদ্ধিক জগতত শোকৰ ছাঁ পৰিছে।ড° দাসৰ জন্মস্থান হাজো। দীৰ্ঘদিন ধৰি গুৱাহাটীৰ লংকেশ্বৰত স্থায়ীভাৱে বসবাস কৰা ড° দাসে মৃত্যুৰ সময়ত দুজন পুত্ৰ, বোৱাৰী, নাতি, বহু আত্মীয়-স্বজন, অজস্ৰ ছাত্ৰ-ছাত্ৰী আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।