গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ বক্তৃতানুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগে বাধাগ্ৰস্হতা অধ্যয়ন বিভাগৰ (গুঃবিঃ) সহযোগত ৫ মাৰ্চত “Monsters, Gods and Rasas of Rejection: Disability as Deviance in Critical Disability Studies and Ancient Indian Mythology, Art and Aesthetics” শীৰ্ষক এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠানত ৰাষ্ট্ৰীয় ডিজাইন সংস্থা, আহমেদাবাদৰ অধ্যাপক তথা Indian Disability Studies Collective ৰ উপাধ্যক্ষ অধ্যাপক শিল্পা দাসে সমল ব্যক্তি হিচাপে বক্তৃতা প্ৰদান কৰে । বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক অঞ্জলি দৈমাৰীয়ে অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী তথা সভাসদক উষ্ম আদৰণি জনাই সংক্ষিপ্ত আৰম্ভণী ভাষণ আগবঢ়াই তথা অনুষ্ঠানৰ মুখ্য বক্তাক এখন আৰ’নাই, ফুলাম গামোচা আৰু এটা স্মৃতিচিহ্নৰে সম্বৰ্ধনা জ্ঞাপন কৰে । অধ্যাপক শিল্পা দাসে বাধাগ্ৰস্হতা অধ্যয়নৰ প্ৰাথমিক ধাৰণা, মডেল, দৃষ্টিকোণ আদিৰ ওপৰত চমু আলোকপাত কৰি প্ৰাচীন ভাৰতীয় কলাত নান্দনিকতা, বিকলাঙ্গ শৰীৰৰ প্ৰতিনিধিত্ব আৰু (আৱেগিক অৱস্থাৰ উদ্দীপনা বা) ৰস-ভাবৰ জটিল সম্পৰ্কৰ ওপৰত বিস্তাৰিতভাৱে বৰ্ণনা কৰি প্ৰায় নব্বৈ মিনিট দৈৰ্ঘ্যৰ এক সাৱলীল বক্তৃতা প্ৰদান কৰে । ইংৰাজী বিভাগ তথা বাধাগ্ৰস্হতা অধ্যয়ন বিভাগৰ অধ্যাপক, শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে সফল কৰা মননশীল অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াই বাধাগ্ৰস্হতা অধ্যয়ন বিভাগৰ (গুঃবিঃ) মুৰব্বী অধ্যাপক কাবেৰী সাহাই।